உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জাগীৰোডৰ পৰা আৰম্ভ কংগ্ৰেছৰ ‘৫ গেৰাণ্টি যাত্ৰা’, বিজেপিক কঠোৰ সমালোচনা জিতেন্দ্ৰ সিঙৰ

    জাগীৰোডৰ পৰা আৰম্ভ কংগ্ৰেছৰ ‘৫ গেৰাণ্টি যাত্ৰা’, বিজেপিক কঠোৰ সমালোচনা জিতেন্দ্ৰ সিঙৰ

    কংগ্ৰেছৰ এই “৫ গেৰাণ্টি যাত্ৰা” আজি জাগীৰোডত শুভ উদ্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে৷

    কংগ্ৰেছৰ এই “৫ গেৰাণ্টি যাত্ৰা” আজি জাগীৰোডত শুভ উদ্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে৷

    কংগ্ৰেছৰ এই “৫ গেৰাণ্টি যাত্ৰা” আজি জাগীৰোডত শুভ উদ্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে৷

    • Share this:
    অসম বচাওঁ আহক অভিযানৰ পিছত এইবাৰ ৫ গেৰাণ্টি লৈ জনসাধাৰণৰ কাষত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ৷ অসমৰ ৫ লাখ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰা, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰা, প্ৰতিজন গ্ৰাহকক প্ৰতিমাহে ২০০ ইউনিটলৈ বিনামূলীয়া বিদ্যুৎ যোগান আৰু গৃহিণীলৈ প্ৰতিমাহে দুহেজাৰ টকা প্ৰদান কৰা - এই ৫ টা গেৰাণ্টি লৈ আজিৰে পৰা সমগ্ৰ অসমত প্ৰচাৰ চলাব কংগ্ৰেছ দলে৷

    কংগ্ৰেছৰ এই “৫ গেৰাণ্টি যাত্ৰা” আজি জাগীৰোডত শুভ উদ্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে৷ আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ পিছতে এই গেৰাণ্টিসমূহ কাৰ্যকৰী কৰা হ’ব বুলিও মন্তব্য কৰে সিঙে৷ ইয়াৰ জৰিয়তে অসমৰ সৰ্বসাধাৰণ ৰাইজ উপকৃত হ’ব বুলি প্ৰকাশ কৰে কংগ্ৰেছ নেতৃত্বই৷

    উক্ত অনুষ্ঠানত জীতেন্দ্ৰ সিঙে বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰি সৰ্বানন্দ সোণোৱাল দিল্লীৰ ৰিম’ট কন্ট্ৰ’লত চলা ব্যক্তি আখ্যা দিয়াৰ লগতে দিল্লীৰ ৰিম’ট কন্ট্ৰ’লত উঠা–বহা কৰা মুখ্যমন্ত্ৰী বুলিও কটাক্ষ কৰে৷

    ইফালে বহু অপেক্ষাৰ অন্তত অৱশেষত কংগ্ৰেছ দলে প্ৰকাশ কৰিলে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা৷ মৰিগাঁও জিলাৰ অন্তৰ্গত ৩টা বিধানসভা সমষ্টিৰ অন্যতম ৭৯নং জাগীৰোড বিধানসভা সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে স্বপন কুমাৰ মণ্ডলক৷

    আজি প্ৰায় সহস্ৰাধিক সমৰ্থক আৰু দলীয় কৰ্মীৰ বাইক ৰেলীৰে মনোনয়ন পত্ৰ দাখিলৰ বাবে মৰিগাঁৱলৈ যাত্ৰা কৰে প্ৰাৰ্থীগৰাকীয়ে৷ যাত্ৰাকালত প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে৷

    আগন্তুক নিৰ্বাচনত অসমত কংগ্ৰেছ দল এশৰো অধিক আসনত জয়ী হ’ব আৰু অসমত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ গঠন হ’ব বুলি মন্তব্য কৰে কংগ্ৰেছ নেতৃত্বই৷
    Published by:Sanjay Kumar Das
    First published: