পূজা-পাতল কৰি দিন-বাৰ চাইহে জে’ললৈ পঠাব নেকি শ্বেৰমানক? হিমন্তক কটাক্ষ কংগ্ৰেছৰ

News18 Assam | News18-Assam
Updated:November 1, 2020, 5:57 PM IST
পূজা-পাতল কৰি দিন-বাৰ চাইহে জে’ললৈ পঠাব নেকি শ্বেৰমানক? হিমন্তক কটাক্ষ কংগ্ৰেছৰ
শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ দাবী তোলা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদক জে’ললৈ ২০২১ৰ নিৰ্বাচনৰ পিছত প্ৰেৰণ কৰিব হিমন্ত বিশ্ব শৰ্মাই ৷

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ দাবী তোলা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদক জে’ললৈ ২০২১ৰ নিৰ্বাচনৰ পিছত প্ৰেৰণ কৰিব হিমন্ত বিশ্ব শৰ্মাই ৷

  • Share this:
শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ দাবী তোলা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদক জে’ললৈ ২০২১ৰ নিৰ্বাচনৰ পিছত প্ৰেৰণ কৰিব হিমন্ত বিশ্ব শৰ্মাই ৷ শনিবাৰে এই মন্তব্য কৰিছিল হিমন্ত বিশ্বই ৷ ইয়াৰ  পিছতে দেওবাৰে পাঁচ মাহৰ পিছত অসমত এক মহা বিস্ফোৰণ হ'ব বুলি দাবী কৰিলে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ দাবী তোলা শ্বেৰমান আলী আহমেদক জে’ললৈ নিক্ষেপ কৰিব হিমন্ত বিশ্বই ৷ যি জেলৰ পৰা কোনো দিন ওলাব নোৱাৰিব শ্বেৰমান আলী ৷ পিছে “২০২১ৰ নিৰ্বাচনৰ পিছত কিয়? এতিয়াই কিয় জে’ললৈ নপঠিয়াই শ্বেৰমানক?” এই প্ৰশ্ন কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷

মন্ত্ৰী হিমন্তক এই প্ৰশ্ন কৰি কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে ক'লে- “BJPৰ মন্ত্ৰীসকলে পূজা-পাতল কৰে ৷ কি পূজা-পাতল কৰি দিন-বাৰ ঠিক কৰি জে’ললৈ পঠাব নেকি শ্বেৰমানক?”

মন্ত্ৰী হিমন্তৰ ঘোষণাত ক্ষুব্ধ জাকিৰ হুছেইনে দাবী কৰে যে, শ্বেৰমান আলী আহমেদে কোনো অপৰাধ কৰা নাই ৷ বিজেপিৰ দৃষ্টিত যদি অপৰাধ কৰিছে, তেন্তে এতিয়াই শ্বেৰমানক জে’ললৈ প্ৰেৰণ কৰক ৷

এনেদৰে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰি বিধায়ক জাকিৰ হুছেইনে কৰিলে এক ভৱিষ্যত বাণী ৷ বিধায়ক জাকিৰে ক'লে- “পাঁচ মাহ পিছত মহা বিস্ফোৰণ হ'ব অসমত ৷ মহাবিস্ফোৰণত চেদেলি-ভেদেলি হৈ যাব বিজেপি ৷ আৰু মহাবিস্ফোৰণৰ পিছত ৰাইজে সমস্বৰে চিঞৰিব 'বিজেপি হাতাও, অসম বাছাও' ৷”

মুঠতে মিঞা মিউজিয়ামৰ বিৰ্তকৰ পিছত এনেদৰে চলিছে ৰাজ্যৰ ৰাজনীতি ৷ কিন্তু এই ৰাজনীতিৰ শেষৰটো মোহৰ মাৰিব ভোটাৰ ৰাইজেহে ৷
Published by: Himangshu Bhuyan
First published: November 1, 2020, 5:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি