உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ন বোৱাৰীৰ সৈতে ছেলফী ল'বলৈ গৈ হাস্পতালত ভৰ্তি ৯জন! নগাঁৱৰ কঠিয়াতলিত ছেলফী তোলাক লৈ ভয়ংকৰ সংঘৰ্ষ

    ন বোৱাৰীৰ সৈতে ছেলফী ল'বলৈ গৈ হাস্পতালত ভৰ্তি ৯জন! নগাঁৱৰ কঠিয়াতলিত ছেলফী তোলাক লৈ ভয়ংকৰ সংঘৰ্ষ

    কঠিয়াতলিৰ বুকলুঙত গিয়াছুদ্দিন আলী নামৰ এজন লোকে চুবুৰীয়াৰ ঘৰৰ ন-কইনা চাবলৈ ঈদৰ সন্ধ্যা গৈছিল। গিয়াছুদ্দিনে ন-কইনাক এখন ছেলফী উঠিবলৈ অনুৰোধ কৰে যদিও পৰিয়ালৰ লোকে তেওঁক ছেলফী তোলাত বাধা দিয়ে।

    • Share this:
    এখন ছেলফীৰ বাবেই সৃষ্টি হ'ল ভয়ংকৰ সংঘৰ্ষ। ঈদৰ সন্ধিয়াই ন-কইনাৰ লগত ছেলফী তোলাক কেন্দ্ৰ কৰি নগাঁৱৰ কঠিয়াতলিত সৃষ্টি হ'ল ভয়ংকৰ পৰিস্থিতিৰ। ঘটনাত আহত হ'ল ৯গৰাকীকৈ লোক।

    জানিব পৰা মতে, কঠিয়াতলিৰ বুকলুঙত গিয়াছুদ্দিন আলী নামৰ এজন লোকে চুবুৰীয়াৰ ঘৰৰ ন-কইনা চাবলৈ ঈদৰ সন্ধ্যা গৈছিল। গিয়াছুদ্দিনে ন-কইনাক এখন ছেলফী উঠিবলৈ অনুৰোধ কৰে যদিও পৰিয়ালৰ লোকে তেওঁক ছেলফী তোলাত বাধা দিয়ে। ইয়াকে লৈ গিয়াছুদ্দিনৰ সৈতে ন-বোৱাৰীৰ পৰিয়ালৰ মাজত তুমুল তৰ্কাতৰ্কিৰ সৃষ্টি হয় আৰু কিছুসময় পিছতে দুয়োপক্ষই মাৰপিটত লিপ্ত হয়।

    দা, লাঠি আৰু জোং লৈ দুয়োপক্ষই সংঘৰ্ষত লিপ্ত হয়। ফলশ্ৰুতিত আব্দুল চালাম, ৰুস্তম আলী, তাহেৰ আলী, আতাবুৰ ইছলাম, ৰুবিনা খাতুন, ৰমজান আলী, জাহেদা খাতুন, ৰছিদা খাতুন আৰু জাকিৰ হুছেইন নামৰ লোক কেইজন গুৰুতৰ ভাৱে আহত হয়। আহত লোক কেইজনক ইতিমধ্যে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
    Published by:Himangshu Bhuyan
    First published: