মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ডিফুত জিলা উপাযুক্তসকলৰ সন্মিলন, মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক দিলে এনে পৰামৰ্শ

ডিফুত জিলা উপাযুক্তসকলৰ সন্মিলন, মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক দিলে এনে পৰামৰ্শ

News18 Assam | News18-Assam
Updated:August 22, 2021, 10:29 PM IST
ডিফুত জিলা উপাযুক্তসকলৰ সন্মিলন, মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক দিলে এনে পৰামৰ্শ
মুখ্যমন্ত্ৰী, বিধান সভাৰ উপাধাক্ষ, ছয়গৰাকী মন্ত্ৰী, সাংসদ, CEM , আৰক্ষী সঞ্চালক প্ৰধান, মুখ্য সচিব উপস্থিত।

মুখ্যমন্ত্ৰী, বিধান সভাৰ উপাধাক্ষ, ছয়গৰাকী মন্ত্ৰী, সাংসদ, CEM , আৰক্ষী সঞ্চালক প্ৰধান, মুখ্য সচিব উপস্থিত।

  • Share this:

দেওবাৰৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডিফুৰ আৰব’ৰেটাম উদ্যান প্ৰেক্ষাগৃহত অসমৰ আটাইকেইখন  জিলাৰ উপায়ুক্তসকলৰ দুদিনীয়া প্ৰথমখন সন্মিলন আৰম্ভ হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জিলা উপায়ুক্তসকলেৰে অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠক।


দুদিনীয়া উপায়ুক্ত সন্মিলনীৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰীৰ লগতে অসম বিধান সভাৰ উপাধ্যক্ষ তথা বোকাজান সমষ্টিৰ বিজেপি বিধায়ক ডাঃ নোমল মমিন, বিত্তমন্ত্ৰী অজন্তা নেওগ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, কৃষিমন্ত্ৰী অতুল বৰা, পাৰ্বত্য উন্নয়ন আৰু খনি বিভাগৰ মন্ত্ৰী যোগেন মহন, শিক্ষামন্ত্ৰী ৰণোজ পেগু, ক্ৰীড়ামন্ত্ৰী বিমল বৰা, সাংসদ হৰেনছিং বে, কাৰ্বি স্বায়িত্তশাসিত পৰিষদৰ মুখ্যমন্ত্ৰী কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে ডিফু সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেং, হাওৰাঘাট সমষ্টিৰ বিধায়ক দৰছিং ৰংহা, বৈঠালাংছ' সমষ্টিৰ বিধায়ক ৰূপছিং টেৰনৰ লগতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু মুখ্য সচিব প্ৰমুখ্যে প্ৰতিটো বিভাগৰ অতিৰিক্ত মুখ্য সচিবকে ধৰি প্ৰধান সচিবসকল উপস্থিত আছিল।


প্ৰায় ৫ ঘন্টা ধৰি চলা বৈঠকত চৰকাৰখনক কেনেকৈ গতিশীল, সংস্কাৰমুখী কৰিব পাৰি তাৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা হয়। কাৰ্বি আংলং জিলাৰ ডিফুত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপায়ুক্তসকলৰ কনফাৰেন্সত প্ৰশাসনিক বিভাগটোক সংস্কাৰমুখী, জনসেৱাৰে অধিক গতিশীল কৰি তোলাৰ অৰ্থে কেবিনেটত লোৱা সিদ্ধান্তসমূহক সঠিক ৰূপত কাৰ্যকৰী কৰিবৰ বাবে আলোচনা হয়।



দুদিনীয়া কাৰ্যসূচীৰে প্ৰথমবাৰলৈ ৰাজ্যত অনুষ্ঠিত হোৱা এই কনফাৰেন্সত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক দিনত ৰাজ্য চৰকাৰৰ অধীনৰ প্ৰশাসনৰ প্ৰতিটো বিভাগৰ কাম অতি ক্ষিপ্ৰতা আৰু নিষ্ঠাৰে কৰি নিষ্পত্তি কৰিবলৈ আহ্বান জনায়। বৈঠকতে ৰাজ্যৰ জনগণৰ বাবে সচেতন আৰু আগ্ৰহ, আন্তৰিকতাৰে তথা সেৱাৰ মনোভাৱেৰে সকলোকে নিজ দায়িত্ব পালন কৰিবলৈ মন্ত্ৰী, বিধায়ক, উপাযুক্ত, বিষয়া সকলোকে নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। দুদিনীয়া সন্মিলনখন সোমবাৰে সামৰণি পৰিব। সোমবাৰৰ অন্তিম দিনাৰ বৈঠকৰ বাবেই মুখ্যমন্ত্ৰীয়ে দেওবাৰৰ নিশাটো ডিফুতে কটাব।

Published by: Gautam Barman
First published: August 22, 2021, 10:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি