যোৰহাট জিলাত অনিৰ্দিষ্ট কাললৈ ল’ক ডাউন ঘোষণা, টাউন অঞ্চলৰ লগতে এই সমূহ অঞ্চলত জাৰি কৰা হ’ল সম্পূৰ্ণ ল’ক ডাউন

News18 Assam | News18-Assam
Updated:July 15, 2020, 11:20 PM IST
যোৰহাট জিলাত অনিৰ্দিষ্ট কাললৈ ল’ক ডাউন ঘোষণা, টাউন অঞ্চলৰ লগতে এই সমূহ অঞ্চলত জাৰি কৰা হ’ল সম্পূৰ্ণ ল’ক ডাউন
ফটো সৌজন্যঃইণ্টাৰনেট

যোৰহাটৰ নগৰ অঞ্চলত ট্ৰেভেল হিষ্ট্ৰী নথকা ইজনৰ পিছত সিজন ব্যক্তিৰ শৰীৰত পোৱা গৈছে কোৰোণাৰ সংক্ৰমণ। সেয়েহে প্ৰত্যাশিত ভাৱেই সামাজিক সংক্ৰমণ ৰোধ কৰিবলৈ যোৰহাট নগৰ তথা নগৰৰ গাতে লাগি থকা একাংশ অঞ্চলত অনিৰ্দিষ্ট কাললৈ বৃদ্ধি কৰা হৈছে ল’ক ডাউন ।

  • Share this:
যোৰহাটৰ নগৰ অঞ্চলত ট্ৰেভেল হিষ্ট্ৰী নথকা ইজনৰ পিছত সিজন ব্যক্তিৰ শৰীৰত পোৱা গৈছে কোৰোণাৰ সংক্ৰমণ। সেয়েহে প্ৰত্যাশিত ভাৱেই সামাজিক সংক্ৰমণ ৰোধ কৰিবলৈ যোৰহাট নগৰ তথা নগৰৰ গাতে লাগি থকা একাংশ অঞ্চলত অনিৰ্দিষ্ট কাললৈ বৃদ্ধি কৰা হৈছে ল’ক ডাউন । উল্লেখ্য যে, যোৱা  ৯ জুলাইৰ পৰা ১৫ জুলাইলৈকে যোৰহাটৰ পৌৰ এলেকাত ঘোষণা কৰা হৈছিল সম্পূৰ্ণ ল’ক ডাউন ।

শেহতীয়া পৰিস্থিতি অনুসৰি কোভিড19ৰ গণ সংক্ৰমণ হোৱাৰ দিশে আগবাঢ়িছে যোৰহাট। ট্ৰেভেল হিষ্ট্ৰী নথকা বহু লোকৰ শৰীৰত পোৱা গৈছে কোৰোণাৰ অৱস্থিতি । 1৪ জুলাইত ট্ৰেভেল হিষ্ট্ৰী নথকা ৪১ গৰাকী লোকৰ শৰীৰত পোৱা গৈছিল কোৰোণাৰ সংক্ৰমণ য'ত ২৬ গৰাকীয়েই আছিল যোৰহাট নগৰৰ।

যোৰহাট পৌৰসভাৰ অন্তৰ্গত অঞ্চলসমূহৰ লগতে যোৰহাট নগৰৰ কাষৰীয়া চিনামৰা তিনিআলি, লিচুবাৰী চাৰিআলি, ৰৰৈয়া চাৰিআলি, অজন্তা বাইপাছ , কেন্দুগুৰি বাইপাছ , মালৌআলি বাইপাছ , সৰ্বাইবন্ধা বাইপাছ , বৰিগাঁও বাইপাছ , গড়মুৰৰ জে ই চি গেট আৰু এ টি ৰোডৰ পৰা 1 নং সোণাৰী গাঁও হৈ জেইল তিনিআলিৰ পৰা লিচুবাৰি হৈ সদৰ তিনিআলি পৰ্যন্ত অঞ্চলসমূহত ল’ক ডাউন বলৱৎ হব।

আনহাতে ল’ক ডাউনৰ সময়ছোৱাত পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ গেলামাল সামগ্ৰীৰ পাইকাৰী ব্যৱসায় প্ৰতিষ্ঠানসমূহ আৰু দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৬ বজালৈ গেলামাল সামগ্ৰীৰ খুচুৰা ব্যৱসায় প্ৰতিষ্ঠানসমূহ খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হৈছে । আনহাতে ল’ক ডাউনৰ সময়ছোৱাত শাক-পাচলি , ফল-মূল , মাছ-মাংস আৰু খোৱা পানীৰ হোম ডেলিভাৰি দিয়াৰ অনুমতি দিয়া হৈছে। পূৰ্বৰ ল’ক ডাউনত বলৱৎ থকা নিষেধাজ্ঞাসমূহ বৰ্তমানো অব্যাহত থাকিব ।
Published by: Himangshu Bhuyan
First published: July 15, 2020, 11:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি