অসমৰ তিনি খন জিলাত পুনৰ সম্পূৰ্ণ ল’ক ডাউন, কোন কোন দিশত থাকিব শিথিলতা?

কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আকৌ তিনিখন জিলাত বলৱত্ কৰা হৈছে ল’ক ডাউন।
কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আকৌ তিনিখন জিলাত বলৱত্ কৰা হৈছে ল’ক ডাউন।
- News18 Assam
- Last Updated: August 24, 2020, 8:09 PM IST

কি কি আছে নিৰ্দেশনাতঃ
- শিলচৰ, লক্ষীপুৰ, কাটিগড়াত, বাচকান্দি, বৰখলা, কালাইত সম্পূৰ্ণ ৰূপে বন্ধ থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান।
- বন্ধ থাকিব সাপ্তাহিক আৰু অৰ্ধ-সাপ্তাহিক বজাৰ। কিন্তু অকলশৰীয়াকৈ থকা দোকান পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ খুলিব পাৰিব।
- যদিও ল’ক ডাউন বলৱত্ কৰা হৈছে, তথাপিও তিনিখন জিলাৰ মাজেৰে কোনো লোক আনৰাজ্যলৈ যাব বিচাৰিলে, বা ৰাজ্যৰ ভিতৰৰে অন্য ঠাইলৈ যাব বিচাৰিলে নাথাকিব কোনো বাধা। আৰু ইয়াৰ বাবে পাছ লোৱাৰো প্ৰয়োজন নাই।
- বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান।
- অব্যাহত থাকিব জৰুৰীকালীন সেৱাৰ যাতায়াত।
- কিন্তু নিৰ্মাণ কাৰ্য, কৃষি আৰু বাগিচাৰ কাম চলি থাকিব। খোলা থাকিব বেংক-ডাকঘৰ।
- পৰীক্ষাকেন্দ্ৰ আৰু কোৰোণা কেয়াৰ চেণ্টাৰলৈ যোৱাত অনুমতি।
- ই-ৰিক্সা চলিব। কিন্তু কেৱল শিক্ষাৰ্থী আৰু কোভিড কেয়াৰ চেণ্টাৰ বা চিকিত্সালয়লৈ যাত্ৰী নিয়াৰ ক্ষেত্ৰত হে ব্যৱহাৰ কৰিব পাৰিব।