ৰাজ্যত চলি থকা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ। একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এজন ছাত্ৰই এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আজি মঙলবাৰে অনুষ্ঠিত হৈ যোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৰসায়ন বিজ্ঞানৰ পৰীক্ষাৰ পিছত এদিন পূৰ্বেই হোৱাটছএপৰ জৰিয়তে এই প্ৰশ্নকাকতৰ প্ৰচাৰ হৈছিল বুলি অভিযোগ উঠিছে।
সুকলমে পৰীক্ষা শেষ হোৱাৰ পিছত ছাত্ৰগৰাকীয়ে এই অভিযোগ উত্থাপন কৰে। ছাত্ৰগৰাকীয়ে প্ৰদৰ্শন কৰা প্ৰশ্নকাকতখন হাতে লিখা আছিল। হাতে লিখা অৱস্থাতে প্ৰশ্ন কাকতখন ফাদিল হৈছিল বুলি দাবী কৰে ছাত্ৰগৰাকী। যোৰহাটৰ এজন ছাত্ৰই হোৱাটছএপত পঠিয়াইছিল এই পেপাৰ। কটনৰ এজন ছাত্ৰলৈ হোৱাটছএপত পঠিয়াইছিল পেপাৰখন।
অৱশ্যে এই সন্দৰ্ভত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংসদৰ মতে প্ৰশ্নকাকত ফাদিলৰ বাতৰি ভিত্তিহীন। পৰীক্ষা শেষ হোৱাৰ পিছত প্ৰশ্নকাকত ফাদিলৰ প্ৰশ্নই নুঠে। সংসদে সন্দেহ প্ৰকাশ কৰে যে পৰীক্ষা আৰম্ভ হোৱা এঘণ্টাৰ পিছত ছাত্ৰ–ছাত্ৰী ওলাব পাৰে আৰু কোনো শিক্ষাৰ্থীয়ে এঘণ্টাৰ পিছত কাকতখন ভাইৰেল কৰিব পাৰে। ইয়াক প্ৰশ্নকাকত ফাদিল হোৱা বুলি ক’ব নোৱাৰি। গুৰুত্বপূৰ্ণ যে হাতেলিখা অৱস্থাত ফাদিল হোৱা প্ৰশ্নকাকতখনৰ আজি অনুষ্ঠিত হৈ যোৱা প্ৰশ্ন কাকতৰ সৈতে প্ৰায় মিল দেখা গৈছে, কেৱল এটা প্ৰশ্নৰহে মিল নাছিল। অৱশ্যে এই সন্দৰ্ভত সঁচা-মিছা প্ৰমাণৰ বাবে অধিক তদন্তৰ অৱকাশ আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।