তুমুল বিতৰ্কত সোমাই পৰিছে যোৰহাটৰ অসমীয়া–মাৰৱাড়ী বিহু সন্মিলন। অসমীয়া সংস্কৃতি বিনষ্ট কৰাৰ অভিযোগেৰে অসমীয়া–মাৰৱাড়ী বিহু সন্মিলনৰ বিৰুদ্ধে থানাত গোচৰ। অসমীয়া মাৰৱাড়ী বিহু সন্মিলনৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ সোণাৰিৰ সাপেখাতীত এজাহাৰ দাখিল।
![]()
অসমীয়াৰ আৱেগৰ লগত খেলা নকৰিবলৈ উদ্যোক্তাক সকীয়নি দিলে গোচৰীয়াই। যোৰহাটৰ অসমীয়া মাৰৱাড়ী বিহু সন্মিলনৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বীৰ লাচিত সেনাৰ চৰাইদেউ জিলা সমিতি। অসমীয়া–মাৰৱাড়ী বিহু সন্মিলনৰ নিমন্ত্ৰণী পত্ৰত ৰাজস্থানৰ উট আৰু পুতলা ব্যৱহাৰ কৰাক লৈ তীব্ৰ বিৰোধিতা লাচিত সেনাৰ।অসমীয়া সংস্কৃতি তথা অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক অপমান কৰাৰ লগতে আয়োজকে অসমীয়া সংস্কৃতি বিনষ্ট কৰাৰ চেষ্টা অভিযোগ বীৰ লাচিত সেনাৰ।উল্লেখ্য যে যোৰহাটৰ মাৰবাড়ী সন্মিলন,মাৰৱাড়ী যুৱ মঞ্চ,মাৰৱাড়ী যুৱ মঞ্চ প্ৰগতি শাখা,অ.ভা.মাৰৱাড়ী মহিলা সন্মেলনৰ উদ্যোগত দেওবাৰে যোৰহাটৰ জিলা পুথিভৰালত এই অসমীয়া মাৰবাড়ী বিহু সন্মিলনৰ আয়োজন কৰা হৈছে। ছচিয়েল মিডিয়াত শেহতীয়াকৈ যথেষ্ট নেতিবাচক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বিহু সন্মিলনখনক লৈ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|