• Home
  • »
  • News
  • »
  • assam
  • »
  • Lachit Divas in Jorhat : যোৰহাটত লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ বাবে ক্ষতিপূৰণ প্ৰদান

Lachit Divas in Jorhat : যোৰহাটত লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ বাবে ক্ষতিপূৰণ প্ৰদান

লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পত নিৰ্মাণ কৰা হব 125 ফুট উচ্চতাৰ বীৰ লাচিত বৰফুকনৰ ব্ৰঞ্জৰ মূৰ্ত্তি

লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পত নিৰ্মাণ কৰা হব 125 ফুট উচ্চতাৰ বীৰ লাচিত বৰফুকনৰ ব্ৰঞ্জৰ মূৰ্ত্তি

লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পত নিৰ্মাণ কৰা হব 125 ফুট উচ্চতাৰ বীৰ লাচিত বৰফুকনৰ ব্ৰঞ্জৰ মূৰ্ত্তি

  • Share this:
অগ্ৰাসী মোগলক পৰাভূত কৰা অসমৰ সৰ্বকালৰ বীৰ সেনানায়ক লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী সপ্তাহজোৰা বিস্তৃত কাৰ্যসূচীৰে যোৰহাট জিলাত ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে।

যোৰহাটৰ হোলোঙাপাৰস্থিত মহাবীৰ লাচিত বৰফুকনৰ মৈদামত অসম চৰকাৰে স্থাপন কৰিবলৈ আগবাঢ়িছে লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প । ইয়াৰ বাবে মৈদামৰ সমীপতে অধিগ্ৰহণ কৰা হৈছে ৪৩ বিঘা ৪ কঠা ৫ লেচা ভূমি।

চৰকাৰী মাটি ৩ কঠা ৫ লেচা আৰু আৰু বৰ্তমানৰ মৈদামস্থলীত থকা ৫ বিঘা ৭ লেচা মাটিকে ধৰি মুঠ ৪৯ বিঘা ২ কঠা ১৭ লেচা মাটিত এই বৃহৎ প্ৰকল্প স্থাপন কৰা হ'ব। দেওবাৰে এই প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণ আনুষ্ঠানিকভাৱে বিতৰণ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয়।

এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন , সাংসদ তপন গগৈ , সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা। লগতে উপস্থিত থাকে চক্ৰধৰ গগৈ, ধৰ্মেশ্বৰ কোঁৱৰ, সুশান্ত বৰগোহাঁই , ৰেণুপমা ৰাজখোৱা প্ৰমুখ্যে বহুকেইগৰাকী বিধায়ক।

নিৰ্মাণ কৰিবলৈ লোৱা এই প্ৰকল্পত লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তি স্থাপন কৰা হ'ব । লগতে নিৰ্মাণ কৰা হ'ব অডিঅ'-ভিজুৱেল ছিষ্টেম, ৱাটাৰ ফাউণ্টেইন, আৱাসিক ব্লককে ধৰি আৰু বহুখিনি আন্তঃগাঁথনি। এই প্ৰকল্পৰ নিৰ্মাণ ব্যয় হৈছে ১৪৯.৮২ কোটি টকা। ভূমি অধিগ্ৰহণৰ বাবে ব্যয় কৰা হৈছে ১২.০৪২ কোটি টকা। প্ৰকল্পটোৰ নিৰ্মাণৰ দায়িত্বত আছে লোকনিৰ্মাণ ( বিল্ডিং এণ্ড এন এইচ ) বিভাগ।

এই প্ৰকল্পৰ বাবে ১৫৪গৰাকী পট্টাদাৰৰ ৩৮টা দাগৰ ৪৩ বিঘা ৪ কঠা ৫ লেচা ভূমি অধিগ্ৰহণ কৰা হৈছে । দেওবাৰৰ অনুষ্ঠানত মাটি অধিগ্ৰহণ কৰা ভূমিৰ ১১টা দাগৰ ১৮ বিঘা ৩ কঠা ১৪ লেচা ভূমিৰ ক্ষতিপূৰণৰ মূল্য ৪ কোটি ২৫ লাখ ৩১ হাজাৰ ৪৬ টকা পট্টাদাৰসকলক প্ৰদান কৰা হয়। অধিগ্ৰহণ কৰা মাটিৰ ক্ষতিপূৰণৰ মূল্য প্ৰদান কৰাৰ পিছতেই এই প্ৰকল্পৰ নিৰ্মাণকাৰ্য আৰম্ভ হ'ব। এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠাৰ পিছত হোলোঙাপাৰৰ নৰাহিলৈদাৰী গাঁৱৰ এই স্থান এক অন্যতম পৰ্যটনস্থলীত পৰিণত হোৱাটো নিশ্চিত ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি