உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • CPA Meeting in Guwahati: ঐতিহাসিক সন্ধিক্ষণৰ সাক্ষী হ'ল অসম বিধানসভা, পোনপ্ৰথমবাৰৰ বাবে কমনৱেল্থ পাৰ্লিয়ামেন্টৰী বৈঠক অনুষ্ঠিত

    CPA Meeting in Guwahati: ঐতিহাসিক সন্ধিক্ষণৰ সাক্ষী হ'ল অসম বিধানসভা, পোনপ্ৰথমবাৰৰ বাবে কমনৱেল্থ পাৰ্লিয়ামেন্টৰী বৈঠক অনুষ্ঠিত

    বিধানসভা চৌহদৰ পৰাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাক আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

    বিধানসভা চৌহদৰ পৰাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাক আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

    বিধানসভা চৌহদৰ পৰাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাক আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

    • Share this:
    অসম বিধানসভাৰ মজিয়াত শনিবাৰে অনুষ্ঠিত হয় কমনৱেল্থ পাৰ্লিয়ামেন্টৰী সংস্থাৰ সভা৷ মুঠ ৫৩খন কমনৱেল্থ দেশৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হয় বিধানসভা বৈঠক ৷ দুদিনীয়া কাৰ্য্যসূচীৰ বৈঠকৰ শুভাৰম্ভণি কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৷ শুভাৰম্ভণী অনুষ্ঠানৰ স'তে সংগতি ৰাখি অসম বিধান সভাই বিশেষভাৱে আদৰণি জনাই লোকসভাৰ অধ্যক্ষ তথা কমনৱেল্থ দেশৰ প্ৰতিনিধিক ৷

    আদৰণী অনুষ্ঠানত অসমৰ বাৰেবৰণীয়া কলা-কৃষ্টিৰে সমাহাৰ ঘটে৷ ইপিনে বিধানসভা চৌহদত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাই লোকসভাৰ অধ্যক্ষক ৷ অসমীয়া স্বাভিমানৰ প্ৰতীক গামোচা, চেলেং তথা জনজাতীয় গামোচাৰে উষ্ম আদৰণি জনায় ৷

    উল্লেখ কৰিব পাৰি যে শনিবাৰৰ দিনটো বিধানসভাৰ বাবে এক বিশেষ দিন আছিল ৷ কিয়নো এক ঐতিহাসিক সন্ধিক্ষণৰ সাক্ষী হৈ অসম বিধান সভা চৌহদত পোন প্ৰথমবাৰৰ অনুষ্ঠিত হয় কমনৱেল্থ পাৰ্লিয়ামেন্টৰী সংস্থাৰ (Commonwealth Parliamentary Association) মধ্য বাৰ্ষিক সভা ৷ ইয়াত উপস্থিত আছিল ৫৩খন কমনৱেল্থ দেশৰ প্ৰতিনিধি ৷ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কমনৱেল্থ পাৰ্লিয়ামেন্টৰী সংস্থাৰ সভাৰ শুভাৰম্ভণী অনুষ্ঠানে  প্ৰতিনিধিসকলক আপ্লুত কৰে ৷

    উল্লেখ্য, বিধানসভা চৌহদৰ (Assam Assembly) পৰাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাক আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত বৈঠকত লৈ উৎসাহী দেখা যায় শাসক-বিৰোধীক ৷ 
    Published by:Gautam Barman
    First published: