মুখ্যপৃষ্ঠা »খবৰ »অসম »শিৱসাগৰৰ ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ দিশত ৰাইজক সজাগ কৰাৰ প্ৰয়াসেৰে চাইকেল ৰেলী; কমনৱেলথ গেমছত সোণৰ পদক বিজয়ী নয়নমণি শইকীয়াৰ অংশগ্ৰহণ

শিৱসাগৰৰ ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ দিশত ৰাইজক সজাগ কৰাৰ প্ৰয়াসেৰে চাইকেল ৰেলী; কমনৱেলথ গেমছত সোণৰ পদক বিজয়ী নয়নমণি শইকীয়াৰ অংশগ্ৰহণ

যুৱ প্ৰজন্মনক নিয়মিতভাৱে চাইকেল চলোৱাৰ আহ্বান কমনৱেলথ গেমছত পদক বিজয়ী নয়নমণি শইকীয়াৰ

যুৱ প্ৰজন্মনক নিয়মিতভাৱে চাইকেল চলোৱাৰ আহ্বান কমনৱেলথ গেমছত পদক বিজয়ী নয়নমণি শইকীয়াৰ

যুৱ প্ৰজন্মনক নিয়মিতভাৱে চাইকেল চলোৱাৰ আহ্বান কমনৱেলথ গেমছত পদক বিজয়ী নয়নমণি শইকীয়াৰ

  • Share this:
শিৱসাগৰত স্বাস্থ্য আৰু পৰ্যটন সজাগতাৰ উদেশ্যেৰে আজি  চাইকেল কমিউনিটিৰ উদ্যোগত তৃতীয় বাৰ্ষিক চাইকেল ৰেলী উলিওৱা হয়। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ সন্মুখৰ পৰা  উলিওৱা  এই চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাই। কমনৱেলথ গেমছত ল'ন বলত সোণৰ পদক বিজয়ী নয়নমণি শইকীয়া এই ৰেলীৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। চাইকেল ৰেলীত অংশগ্ৰহণ কৰি নয়নমণি শইকীয়াই সু-স্বাস্থ্যৰ অধিকাৰী হোৱাত চাইকেল চলোৱা অভ্যাসে বিশেষভাৱে সহায়ত কৰে বুলি মন্তব্য কৰে। লগতে পৰাপক্ষত সকলোৱে চাইকেল চলোৱা অভ্যাস গঢ়ি তোলাৰ আহ্বান জনায়। তেওঁ নিজেও চাইকেল চলোৱাৰ লগতে সন্তানকো চাইকেল ক্ৰয় কৰি দিয়া বুলি সদৰি কৰে।

নয়নমণি শইকীয়াই কয় যে, ‘‘ মই মোৰ সন্তানকো চাইকেল কিনি দিছোঁ। ছাত্ৰ ছাত্ৰী সকলে মটৰ চাইকেল, স্কুটীৰ পৰিবৰ্তে চাইকেল চলাই স্কুল কলেজলৈ যাব লাগে। এদিন নহয়, নিয়মীয়াকৈ চাইকেল চলাব লাগে। চাইকেল চলোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।’’ সংবাদ মাধ্যমৰ আগত তেওঁ নিজৰ পৰিকল্পনাৰ কথাও সদৰি কৰে। মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া ল'ন বলৰ এছিয়ান চেম্পিয়নশ্বিপলৈ নয়নমণি শইকীয়াৰ উপৰিও তানিয়া চৌধুৰী, মৃদুল বৰগোহাঁই আৰু পুতুল সোনোৱাল নিৰ্বাচিত হোৱা বুলি তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে, আজিৰ  চাইকেল ৰেলীৰ জৰিয়তে শাৰিৰীক সক্ষমতা অটুট ৰখাৰ  লগতে  শিৱসাগৰৰ ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ দিশত ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা হয়।

মন কৰিবলগীয়া যে, ঐতিহাসিক শিৱসাগৰ বহু পৰ্যটনৰ সমলেৰে পৰিপূৰ্ণ। কিন্তু প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত আজিও শিৱসাগৰ পৰ্যটনৰ কেন্দ্ৰ হ’ব পৰা নাই। শাৰিৰীক সক্ষমতা আৰু পৰ্যটনক একত্ৰিত কৰি শিৱসাগৰৰ এজাক স্বাস্থ্য আৰু ইতিহাস সচেতন যুৱকে বিগত তিনি বছৰ ধৰি এই কাৰ্যসূচীৰ আয়োজন কৰি আহিছে।

আজি  শিৱসাগৰৰ পৰা  জয়সাগৰ হৈ দিচাংমুখৰ লৈকে এই চাইকেল ৰেলীৰ অনুষ্ঠিত কৰা হয়। ৰেলীত শতাধিক চাইকেল প্ৰেমীয়ে অংশগ্ৰহণ কৰে। সৰবৰহী যুৱক তথা শিক্ষক নৱনীত হাজৰিকাই আঁতধৰা চাইকেল ৰেলীৰ উদ্বোধনী অনুষ্ঠানত অৰ্জুন ভোগেশ্বৰ বৰুৱা, নয়নমণি শইকীয়াৰ উপৰিও অতিৰিক্ত আৰক্ষী অধীক্ষক আৰিফ আহমেদ, শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলি উপস্থিত থাকে।

শেহতীয়া বাতৰি