• Home
  • »
  • News
  • »
  • assam
  • »
  • illegal coal mining in Dihing Patkai: দিহিং পাটকাই বর্ষাৰণ্যৰ অবৈধ কয়লা খননৰ CBI তদন্তৰ পৰামৰ্শ আয়োগৰ

illegal coal mining in Dihing Patkai: দিহিং পাটকাই বর্ষাৰণ্যৰ অবৈধ কয়লা খননৰ CBI তদন্তৰ পৰামৰ্শ আয়োগৰ

Coal India Limitedৰ অধীনৰ North East Coalfieldsয়ে অবৈধ ভাৱে খনন কাৰ্যত লিপ্ত হোৱাৰ তথ্য-প্ৰমাণ আয়োগৰ প্ৰতিবেদনত 

Coal India Limitedৰ অধীনৰ North East Coalfieldsয়ে অবৈধ ভাৱে খনন কাৰ্যত লিপ্ত হোৱাৰ তথ্য-প্ৰমাণ আয়োগৰ প্ৰতিবেদনত 

Coal India Limitedৰ অধীনৰ North East Coalfieldsয়ে অবৈধ ভাৱে খনন কাৰ্যত লিপ্ত হোৱাৰ তথ্য-প্ৰমাণ আয়োগৰ প্ৰতিবেদনত 

  • Share this:
জৈৱ-বৈচিত্ৰ্য সমৃদ্ধ দিহিং পাটকাই বর্ষাৰণ্যত অবাধে চলা কয়লা খনন কাৰ্যৰ আঁতি-গুৰি পাবলৈ অসমৰ চৰকাৰে ২০২০ চনৰ জুলাই মাহত গঠন কৰি দিয়া ন্যায়াধীশ বি পি কাকতি আয়োগে অতি সম্প্ৰতি তথ্য প্রমাণসহ কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।  আয়োগে দাখিল কৰা প্ৰতিবেদনত Coal India Limited, অসম চৰকাৰৰ বন বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, খনি আৰু খনিজ সম্পদ বিভাগে নিয়ম বহিৰ্ভূতভাৱে অবাধে বর্ষাৰণ্যখনত খনন চলাই যোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

আয়োগে চৰকাৰক এই rat hole miningত জড়িত হৈ থকা ব্যক্তি বিশেষ আৰু প্ৰতিষ্ঠানক চিনাক্ত কৰিবলৈ CBI তদন্তৰো পৰামৰ্শ আগবঢ়ায় ।

প্ৰতিবেদনত Coal India Limitedৰ অধীনৰ North East Coalfieldsয়ে ২০০৩ চনৰ পৰা সকলো নিয়ম উলংঘা কৰি খনন কাৰ্য চলাই থকা বুলি উল্লেখ কৰা হৈছে । প্ৰতিষ্ঠানটোৱে MMDR Act, Forest Conservation Act 1980, Water Act, Air Act সকলো উলংঘা কৰিছে । উল্লেখযোগ্য যে এজনীয়া আয়োগখনক চেলেকী সংৰক্ষিত বনাঞ্চল আৰু ডিগবৈ সংমণ্ডলৰ অন্তৰ্ভুক্ত সংৰক্ষিত বনাঞ্চলত চলি থকা কয়লা খনন সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুতৰ দায়িত্ব দিয়া হৈছিল ।

আয়োগৰ প্ৰতিবেদনত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা প্ৰশাসন অবৈধভাৱে চলি থকা খনন প্ৰতিৰোধ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও উল্লেখ কৰা হৈছে । আনহাতে CILৰ অসম চৰকাৰে হোৱা Lease Agreement ওপৰতো প্ৰশ্ন তোলা হৈছে আয়োগৰ প্ৰতিবেদনত ।
Published by:Gautam Barman
First published: