உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বেদখলমুক্ত কৰা হ'ব সত্ৰৰ ভূমি, আজিৰে পৰা আৰম্ভ হ'ল সত্ৰৰ ভূমি বেদখলৰ জৰীপ! বৰপেটা সত্ৰৰ আশীষলৈ কাম আৰম্ভ কৰিলে তিনিজনীয়া আয়োগৰ দলে

    বেদখলমুক্ত কৰা হ'ব সত্ৰৰ ভূমি, আজিৰে পৰা আৰম্ভ হ'ল সত্ৰৰ ভূমি বেদখলৰ জৰীপ! বৰপেটা সত্ৰৰ আশীষলৈ কাম আৰম্ভ কৰিলে তিনিজনীয়া আয়োগৰ দলে

    সেইমৰ্মে আজি বৰপেটা সত্ৰত উপস্থিত হয় আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকা আৰু দুই সদস্য মৃণাল শইকীয়া আৰু ৰূপক শৰ্মা ৷ 

    সেইমৰ্মে আজি বৰপেটা সত্ৰত উপস্থিত হয় আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকা আৰু দুই সদস্য মৃণাল শইকীয়া আৰু ৰূপক শৰ্মা ৷ 

    সেইমৰ্মে আজি বৰপেটা সত্ৰত উপস্থিত হয় আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকা আৰু দুই সদস্য মৃণাল শইকীয়া আৰু ৰূপক শৰ্মা ৷ 

    • Share this:
    অসমৰ সত্ৰসমূহৰ ভূমি বেদখল সম্পৰ্কীয় বিষয় চোৱা-চিতা কৰিবলৈ বঙাইগাঁৱত হোৱা কেবিনেট বৈঠকত গঠন কৰা হৈছিল তিনিজনীয়া এখন আয়োগ ৷  প্ৰদীপ হাজৰিকাক অধ্যক্ষ আৰু বিধায়ক মৃণাল শইকীয়া আৰু ৰূপক শৰ্মাক সদস্য হিচাপে লৈ গঠিত আয়োগক অসমৰ সত্ৰসমূহৰ ভূমি বেদখল সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি প্ৰতিবেদন এবছৰৰ ভিতৰত দাখিল কৰিবলৈ দায়িত্ব দিছিল চৰকাৰে ৷

    সেইমৰ্মে আজি বৰপেটা সত্ৰত উপস্থিত হয় আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকা আৰু দুই সদস্য মৃণাল শইকীয়া আৰু ৰূপক শৰ্মা ৷ সত্ৰনগৰীৰ বৰপেটা সত্ৰত সেৱা জনাই আয়োগখনে আজিৰে পৰা আৰম্ভ কৰিছে সত্ৰৰ মাটি বেদখলৰ জৰীপৰ কাম ৷ বৰপেটা সত্ৰত উপস্থিত হৈ আয়োগৰ দলটোৱে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সৈতে মিলিত হৈ সত্ৰৰ মাটি বেদখল সম্পৰ্কে আলোচনা কৰে ৷

    বিশেষকৈ বৰপেটা সত্ৰৰ বাঘবৰ, বৰনগৰ আৰু বৰপেটা  চাৰ্কোলত মাটি বেদখল হৈ আছে বুলি সত্ৰ পৰিচালনা সমিতিয়ে আয়োগক অৱগত কৰে ৷ আয়োগে মাটি সংক্ৰান্তীয় সকলো তথ্য লিখিত ভাৱে প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়ে সত্ৰ পৰিচালনা সমিতিক ৷

    বিভিন্ন সময়ত সত্ৰৰ মাটি বেদখলক লৈ চৰকাৰৰ ওচৰত অভিযোগ দাখিল কৰি আহিছে সত্ৰ পৰিচালনা সমিতিকে ধৰি বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষে ৷ সেয়েহে সত্ৰৰ মাটি বেদখলৰ সঠিক তথ্য নিৰ্ধাৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে এখন আয়োগ গঠন কৰি দিয়ে ৷ আয়োগখনে অসমত থকা প্ৰায় ১২শ খন সত্ৰৰ ভূমি বেদখল সম্পৰ্কীয় সকলো তথ্য সংগ্ৰহ কৰি এবছৰৰ ভিতৰত প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰক দাখিল কৰিব বুলি আয়োগৰ সদস্যসকলে জানিবলৈ দিয়ে ৷

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: