মুখ্যপৃষ্ঠা »খবৰ »অসম »Child Marriage | ‘কেৱল দৰাই নহয়, বাল্য বিবাহ খাবলৈ যোৱা, বিয়াত উপস্থিত থকা, ৰভা দিয়া লোকজনো দোষী’

Child Marriage | ‘কেৱল দৰাই নহয়, বাল্য বিবাহ খাবলৈ যোৱা, বিয়াত উপস্থিত থকা, ৰভা দিয়া লোকজনো দোষী’

চৰকাৰৰ প্ৰদক্ষেপক আদৰণি জনাই শিশু অধিকাৰ সুৰক্ষা আয়োগৰ বিষয়ববীয়াই সংবাদমেলত কয়, ২০০৬ চনৰ আইনৰ অনুসৰি যদি কোনো ব্যক্তিয়ে বাল্য বিবাহৰ লগত জড়িত থাকে তেন্তে শাস্তিৰ সন্মুখীন হ'ব পাৰে।

চৰকাৰৰ প্ৰদক্ষেপক আদৰণি জনাই শিশু অধিকাৰ সুৰক্ষা আয়োগৰ বিষয়ববীয়াই সংবাদমেলত কয়, ২০০৬ চনৰ আইনৰ অনুসৰি যদি কোনো ব্যক্তিয়ে বাল্য বিবাহৰ লগত জড়িত থাকে তেন্তে শাস্তিৰ সন্মুখীন হ'ব পাৰে।

  • Share this:
বাল্য বিবাহক লৈ ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সংবাদমেল। সংবাদমেল সম্বোধন কৰে সুনীতা চাংকাকতিয়ে। সংবাদমেলত কয়, ‘‘দীৰ্ঘদিন ধৰি ভংগ হৈ আহিছে শিশুৰ অধিকাৰ। শিশু অধিকাৰ আইন নজনাকৈয়ে ভিন্নজনে ভিন্ন মত প্ৰকাশ কৰিছে।

চৰকাৰৰ প্ৰদক্ষেপক আদৰণি জনাই শিশু অধিকাৰ সুৰক্ষা আয়োগৰ বিষয়ববীয়াই সংবাদমেলত কয়, ২০০৬ চনৰ আইনৰ অনুসৰি যদি কোনো ব্যক্তিয়ে বাল্য বিবাহৰ লগত জড়িত থাকে তেন্তে শাস্তিৰ সন্মুখীন হ'ব পাৰে। ২ বছৰ জে’ল আৰু ১ লাখ টকাৰ জৰিমনা ভৰিব লাগিব পাৰে সেই লোকজনে। বিয়াখনৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত থাকে তেন্তে সকলো দোষী। জিলা প্ৰশাসন, চিকিৎসা বিভাগ, শিক্ষা বিভাগৰ পৰা দাতা সংগ্ৰহ কৰা হয়। ৰভা দিয়া লোকজনো দোষী। বিয়া খাবলৈ যোৱা, বিয়াত উপস্থিত থকা সকলো সমানে দোষী।

আৰু পঢ়ক : নাযাবা নাযাবা অ’ প্ৰাণৰ স্বামী..., ছচিয়েল মিডিয়াত ভাইৰেল এই ভিডিঅ’

‘‘বাল্য বিবাহৰ বাবেই নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ অসমত বেছি। আৰক্ষীৰ সহযোগিতা পুতৌজনক৷ বিভিন্ন সময়ত খবৰ পাই সময়ত উপস্থিত নোহোৱাৰ বাবে বাল্য বিবাহ সম্পন্ন হয়৷ শিক্ষা বিভাগো বাল্য বিবাহৰ বাবে বহু সময়ত জগৰীয়া। ছোৱালী এজনী বিদ্যালয়লৈ নাহিলে কিয় নাহিল তাৰ তদন্ত কৰি ব্যৱস্থা নলয় বিদ্যালয়সমূহে। DCPO সকলো সমানে জগৰীয়া৷ বাল্য বিবাহৰ দায়িত্ববাহী বিষয়া একো একোজন DCPO। বোকা ছটিওৱাত ব্যস্ত থকাৰ বাবে বহু সময়ত সমস্যা শেষ নহয়। বহু সময়ত উপায়ুক্তসকলে গুৰুত্ব নিদিয়াত সমস্যা বাঢ়ে৷ আমি উপায়ন্তৰ হৈ বহু সময়ত মুখ্য সচিবলৈ পত্ৰ লিখিব লগীয়া হৈছে।’’ – সংবাদমেলত ক’লে সুনীতা চাংকাকতিয়ে।

আৰু পঢ়ক : ভয়ংকৰ! অসমত এবছৰত লাখতকৈ অধিক কিশোৰী মাতৃৰ তথ্য

এনড্ৰইড মোবাইলৰ ব্যৱহাৰেও শেহতীয়াকৈ বাল্য বিবাহত সাৰ পানী যোগালে বুলি মন্তব্য কৰে আয়োগে৷ বিশেষকৈ কোভিডকালীন সময়ত ঋণাত্মক দিশত ব্যৱহাৰ হ'ল মোবাইল৷ অনলাইন পাঠ্যক্ৰমৰ নামত পয়োভৰ ঘটিল এনড্ৰইডৰ ব্যৱহাৰ৷

শেহতীয়া বাতৰি