হাউলীৰ চতুৰ্থ এপিটিএফ বেটেলিয়নৰ কমাণ্ডেণ্ট মুকুট ৰাভাক নিলম্বন কৰে ৰাজ্য চৰকাৰে। বৰপেটা সত্ৰৰ সদ্যপ্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত আৰক্ষীৰ টোপধ্বনিৰ সময়ত বন্দুকৰ গুলি নুফুটা ঘটনাৰ বাবেই কমাণ্ডেন্টজনক নিলম্বনৰ নিৰ্দেশ দিয়ে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে। ৰাজ্যপালৰ আদেশমৰ্মে কমাণ্ডেন্টক নিলম্বনৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰৰ বিভাগটোৱে।
উল্লেখযোগ্য যে, বুঢ়াসত্ৰীয়াগৰাকীক ৰাজ্য চৰকাৰে ৰাজ্যিক মৰ্যাদাৰে কৰা অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সময়ত টোপধ্বনি কৰিছিল কমাণ্ডেণ্ট মুকুট ৰাভাই। বৰপেটাৰ হাউলীৰ চতুৰ্থ এপিটিএফ বেটেলিয়নৰ আৰক্ষী জোৱানে বন্দুক চেলুট কৰিছিল আৰু বেটেলিয়নটোৰ কমাণ্ডেণ্টৰ দায়িত্বত থকা মুকুট ৰাভাক দায়িত্বহীন আচৰণৰ বাবে নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : November 06, 2022, 12:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।