আন মুখ্যমন্ত্ৰীৰ দৰে হ'ব নিবিচাৰে ড° হিমন্ত বিশ্ব শৰ্মা ৷ তেওঁৰ লক্ষ্য আছে আৰু সেই হিচাপত কাম কৰিব ৷ এই কথা বুধবাৰে ভৱানীপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড° শৰ্মাই ক'লে- “অসমৰ সকলো জাতি-জনগোষ্ঠীক যদি একত্ৰিত কৰিব নোৱাৰো, তেন্তে কেনেকৈ হ'ব ৷ মুখ্যমন্ত্ৰী হিচাপে মই এই কাম কৰি থৈ যাম ৷ মুখ্যমন্ত্ৰী বহু হৈছে ৷ মই নহ'লেও আন দহজন হ'ব ৷ কথা হ'ল সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰাতো ৷” মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীৰ উন্নতি সাধনৰ বাবে তেওঁ কাম কৰি যাব ৷ সেয়ে হেনো সকলো জাতি-জনগোষ্ঠীয়ে BJPৰ প্ৰতি আস্থা আৰু বিশ্বাস কৰিছে ৷
উল্লেখ্য যে, উপ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। কাইলৈৰ দিনটোতো থাওৰাত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে।