• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰূপাৰাণী ভূঞাক জে’ললৈ প্ৰেৰণ, আচলতে কিয় গ্ৰেপ্তাৰ কৰিছিল বিতৰ্কিত প্ৰবক্তাগৰাকীক?

ৰূপাৰাণী ভূঞাক জে’ললৈ প্ৰেৰণ, আচলতে কিয় গ্ৰেপ্তাৰ কৰিছিল বিতৰ্কিত প্ৰবক্তাগৰাকীক?

আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰ, অশালীন মন্তব্য আৰু তদন্তত বাধা দিয়াৰ অভিযোগত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে ৰূপৰাণী ভূঞাক।

আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰ, অশালীন মন্তব্য আৰু তদন্তত বাধা দিয়াৰ অভিযোগত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে ৰূপৰাণী ভূঞাক।

আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰ, অশালীন মন্তব্য আৰু তদন্তত বাধা দিয়াৰ অভিযোগত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে ৰূপৰাণী ভূঞাক।

  • Share this:
মঙলদৈ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰূপাৰাণী ভূঞাক গ্ৰেপ্তাৰ কৰে মঙলদৈ আৰক্ষীয়ে। ছচিয়েল মিডিয়াত যোৱা কিছুদিন ধৰি সম্প্ৰদায়িক মন্তব্য কৰা বুলি অভিযোগ আনি প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে একাংশ দল–সংগঠনে অসমৰ কেইবাখনো থানাত গোচৰ তৰিছিল। কিছুদিন আগতে স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকৰ কবিতাক লৈ ফেচবুকত বিতৰ্কিত মন্তব্য কৰাক লৈও সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ। ছচিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে দিয়া গোচৰৰ ভিত্তিত আজি তৃতীয়বাৰৰ কাৰণে সোধা–পোছাৰ বাবে মঙলদৈ থানাই মাতি আনিছিল প্ৰবক্তাগৰাকীক।

গৰীয়া মৰীয়া দেশী পৰিষদে প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ লগতে ফেচবুকত বিতৰ্কিত মন্তব্য কৰাৰ বাবে মঙলদৈ থানাই নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছিল প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে। মঙলদৈ থানাত ৰুজু হোৱা তিনিটা গোচৰৰ ভিত্তিত মঙলদৈ মহিলা আৰক্ষী থানাই সোধা–পোছা কৰাৰ সময়তে মহিলা আৰক্ষী বিষয়া টিংকল গোস্বামীক দুৰ্ব্যৱহাৰ কৰে আৰু হাত দাঙি চৰিয়াবলৈ উদ্যত হয় প্ৰবক্তাগৰাকী।

মহিলা আৰক্ষী বিষয়াগৰাকীক দুৰ্ব্যৱহাৰ, অশালীন মন্তব্য আৰু তদন্তত বাধা দিয়াৰ অভিযোগত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে ৰূপৰাণী ভূঞাক। মঙলদৈ থানাত প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ নং হৈছে ২৬৪/২০২০।

ইয়াৰ পিছতে মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই সংবাদ মাধ্যমক জনোৱা মতে, প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে মঙলদৈ থানাত ২২৫/২০২০, ২৩৬/২০২০, ২৪১/২০২০ নম্বৰত ৰুজু হোৱা তিনিটা গোচৰ সম্পৰ্কত তদন্ত অব্যাহত আছিল। উক্ত গোচৰসমূহৰ তদন্তৰ বাবে আজি ৰূপাৰাণী ভূঞাক থানালৈ মাতি অনা হৈছিল। কিন্তু প্ৰবক্তাগৰাকীয়ে থানাৰ ভিতৰত তদন্তকাৰী বিষয়াক সহযোগ নকৰাৰ লগতে দুৰ্ব্যৱহাৰ কৰে। ইমানেই নহয়, থানাত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে ৰূপাৰাণী ভূঞাই।

ইয়াৰ পূৰ্বে মঙলদৈ থানাত প্ৰবক্তাৰ বিৰুদ্ধে ফেচবুকত আপত্তিজনক মন্তব্য দিয়াৰ অভিযোগ তুলি দল–সংগঠনে দিয়া তিনিটা গোচৰৰ তদন্ত বৰ্তমানো অব্যাহত আছে।
First published: