সেই সময়ত প্ৰবক্তাগৰাকীৰ লগত থকা কন্যাকো মৃদুল দাসৰ পত্নীয়ে শাৰিৰীকভাৱে অপদস্থ কৰে।
সেই সময়ত প্ৰবক্তাগৰাকীৰ লগত থকা কন্যাকো মৃদুল দাসৰ পত্নীয়ে শাৰিৰীকভাৱে অপদস্থ কৰে।
নগাঁও (Nagaon) চহৰৰ পাৰ্শ্বৱৰ্তী শেনছোৱাত গাড়ী পাৰ্কিং কৰাক কেন্দ্ৰ কৰি এগৰাকী প্ৰবক্তা প্ৰহৃত হ’বলগা হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা তথা কবি ড০ অজিত ভৰালীয়ে আজি সন্ধিয়া শেনছোৱা অঞ্চলত নিজৰ গাড়ীখন পাৰ্কিং কৰাক কেন্দ্ৰ কৰি মৃদুল দাস নামৰ এজন বিজেপি কৰ্মীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়। সপন্তীক মৃদুল দাসে প্ৰবক্তা ড° ভৰালীৰ লগত তৰ্কযুদ্ধত লিপ্ত হৈ থকাৰ মাজতেই হাতত থকা হেলমেট এটাৰে প্ৰবক্তাগৰাকীৰ মূৰত প্ৰচণ্ড জোৰত আঘাত কৰে।
অভিযোগ মতে, সেই সময়ত প্ৰবক্তাগৰাকীৰ লগত থকা কন্যাকো মৃদুল দাসৰ পত্নীয়ে শাৰিৰীকভাৱে অপদস্থ কৰে। আনহাতে, মৃদুল দাসৰ প্ৰহাৰত প্ৰবক্তা ড০ অজিত ভৰালীৰ মূৰ ফাটি তেজ ববলৈ ধৰে। পিছত স্থানীয় একাংশ লোকে আঘাতপ্ৰাপ্ত প্ৰবক্তাগৰাকীক চিকিৎসালয়লৈ নি চিকিৎসাৰ ব্যৱস্থা কৰে।
ইপিনে, ঘটনা সন্দৰ্ভত মৃদুল দাসৰ বিৰুদ্ধে ড° অজিত ভৰালীয়ে হয়বৰগাঁও আৰক্ষী থানাত এক গোচৰ ৰজু কৰাৰ সমান্তৰালকৈ মৃদুল দাসেও তেওঁৰ পত্নীক শাৰীৰিকভাৱে অপদস্থ কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰবক্তা ড০ ভৰালীৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিয়ে বুলি জানিব পৰা গৈছে।
ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত মৃদুল দাসক বিচাৰি যায় যদিও তেওঁ বৰ্তমান পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। ড০ অজিত ভৰালীৰ দৰে এগৰাকী প্ৰবক্তাক আক্ৰমণ কৰা ঘটনাক লৈ নগাঁৱৰ সচেনত মহলৰ লগতে সৰ্বতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে আক্ৰমণকাৰী মৃদুল দাস পৌৰসভাৰ এগৰাকী প্ৰাক্তন মহলা আয়ুক্ত বুলি জানিব পৰা গৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|