নগাঁৱৰ এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তা হৈয়ো এনে কু-কীৰ্তিত জড়িত হোৱা ঘটনাই নগাঁৱৰ বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
নগাঁৱৰ এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তা হৈয়ো এনে কু-কীৰ্তিত জড়িত হোৱা ঘটনাই নগাঁৱৰ বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ভুৱা প্ৰমাণপত্ৰৰে বহু মেধাৱী প্ৰাৰ্থীক বঞ্চিত কৰি টেট শিক্ষকৰ নিযুক্তি লাভ কৰা জালিয়াতি চক্ৰৰ মূল নায়ক ইছলামউদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰিছে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ আৰৱী বিভাগৰ প্ৰবক্তা ড০ জহিৰুল ইছলামক। উল্লেখযোগ্য যে, আজিৰ পৰা ৬ বছৰ পূৰ্বেও মাদ্ৰাছা টেটত নিযুক্তি দিয়াৰ নামত জহিৰুলে বহু সংখ্যালঘু যুৱক-যুৱতীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উঠিছিল। কিন্তু তেওঁ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা পৰিছিল। কিন্তু তাৰ পিছত পুনৰ ভুৱা প্ৰমাণপত্ৰৰ বেহাত জড়িত হৈ পৰে ড০ জহিৰুল ইছলাম।
নগাঁৱৰ এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তা হৈয়ো এনে কু-কীৰ্তিত জড়িত হোৱা ঘটনাই নগাঁৱৰ বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে জহিৰুলক অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰন শাখাই গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ মুখ্য কাৰ্যালয়লৈ লৈ গৈছে। ইপিনে জহিৰুলৰ সৈতে সু-সম্পৰ্ক তথা নগাঁৱৰ শিক্ষা বিভাগৰ এগৰাকী বিষয়াকো চিআইডিয়ে জেৰা কৰাৰ সম্ভাৱনা আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|