গোসাইগাঁৱৰ মেধাবী ছাত্ৰী সুস্মীতাই চাহৰ দোকান দি চলাইছে পৰিয়াল, জিৰণি চ’ৰাত চাহ–পকোৰি বিক্ৰী কৰি কৰিছে উপাৰ্জন।

News18 Assam | News18-Assam
Updated:July 22, 2021, 11:19 AM IST
গোসাইগাঁৱৰ মেধাবী ছাত্ৰী সুস্মীতাই চাহৰ দোকান দি চলাইছে পৰিয়াল, জিৰণি চ’ৰাত চাহ–পকোৰি বিক্ৰী কৰি কৰিছে উপাৰ্জন।
ভৱিষ্যতে এগৰাকী  শিক্ষয়িত্ৰী হ'বলৈ বিচৰা সুস্মিতাই পুৱাৰ পৰা সন্ধিয়ালৈ কৰে কঠোৰ পৰিশ্ৰম।

ভৱিষ্যতে এগৰাকী  শিক্ষয়িত্ৰী হ'বলৈ বিচৰা সুস্মিতাই পুৱাৰ পৰা সন্ধিয়ালৈ কৰে কঠোৰ পৰিশ্ৰম।

  • Share this:
কোৰোণা সৃষ্ট পৰিবেশে সৰ্বসাধাৰণ মানুহৰ জীৱন অৰ্থনৈতিক ভাবে কোঙা কৰি পেলাইছে। কোভিড সৃষ্ট সময়ত দেউতাকক আৰ্থিক সকাহ দিবলৈ স্নাতক শ্ৰেণীত অধ্যায়নৰত এগৰাকী মেধাবী ছাত্ৰীয়ে  পথৰ দাঁতিত থকা জিৰণি চ'ৰাত সৰুকৈ দিছে এখন চাহৰ দোকান। পকোৰি, চাওমিন, ঘুগুনি, চাহ আদি বিক্ৰী কৰি দেউতাকক সকাহ দিয়াৰ চেষ্টা এইগৰাকী যুৱতীৰ।

কোকৰাঝাৰৰ গোসাঁইগাঁও মহকুমাৰ মালিকাপুৰৰ সুস্মিতা হেম্ব্ৰম হৈছে চিৰাং জিলাৰ বেংতল মহাবিদ্যালয়ত শিক্ষা মূল বিষয় লৈ স্নাতক পঞ্চম ষান্মাসিকত অধ্যায়ন কৰি থকা ছাত্ৰী। আৰ্থিক দুৰাৱস্থাৰ বাবে কোভিড কালত চাহৰ দোকানেৰে স্বাৱলম্বী হোৱাৰ লগতে পৰিয়ালক সহায় কৰাৰ প্ৰয়াস চলাইছে ছাত্ৰী গৰাকীয়ে। পুৱা সুস্মিতাই গাঁৱৰে কণ কণ ল'ৰা-ছোৱালীক টিউচন কৰি আবেলি গাঁৱৰ কচুগাঁও গড়কাপ্তানী পথৰ কাষত থকা জিৰণি চ'ৰাত চাহৰ দোকান এখন দিয়ে। ঘৰত আৰু ইউটিউবত চাই শিকা খাদ্য সামগ্ৰী স্বাস্থ্য সন্মত ভাবে বনাই গ্ৰাহকক যোগান ধৰে। গ্ৰাহক সকলেও পৰম তৃপ্তিৰে খাদ্য গ্ৰহণ কৰি প্ৰশংসা কৰে সুস্মিতাৰ।

ভৱিষ্যতে এগৰাকী  শিক্ষয়িত্ৰী হ'বলৈ বিচৰা সুস্মিতাই কৰিছে কঠোৰ পৰিশ্ৰম। স্নাতক পাছ কৰি বিএড কৰাৰ ইচ্ছা সুস্মিতাৰ। কিন্তু বিএড ডিগ্ৰী গ্ৰহণ কৰিবলৈ প্ৰায় লাখ টকাৰ প্ৰয়োজন। আৰ্থিক অনাটনত ভূগি থকা সুস্মিতাৰ দেউতাকে ইমান টকা যোগান ধৰা সম্ভৱ নহয়। সুস্মিতাই অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আৰ্থিক ভাবে সহায় কৰিলে তাইৰ উচ্চ শিক্ষাৰ আশা পূৰণ হোৱাৰ লগতে ভাল শিক্ষয়িত্ৰী হোৱাৰ আশা বাস্তৱায়িত হ'ব।
Published by: Manjumoni Borah
First published: July 22, 2021, 11:17 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি