চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ নিকটৱৰ্তী তথা মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকতিবাৰী আৰক্ষী থানাৰ এলেকাধীন মাহমৰা কোঁৱৰ গাঁৱৰ অৰ্পিতা গগৈ নামৰ এগৰাকী কলেজীয়া ছাত্ৰী সন্ধানহীন হৈ থকা ঘটনাই সমগ্র জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, যোৱা ২৮ নৱেম্বৰৰ দিনা দুপৰীয়া ঘৰৰ পৰা ওলাই যোৱা অৰ্পিতা গগৈ সন্ধানহীন হোৱাৰ এদিনৰ পিছতে অচিনাকি নম্বৰৰ পৰা অৰ্পিতাই নিজৰ মাতৃৰ মোবাইলত আলফালৈ আহিছোঁ বুলি এটা হোৱাটছ বাৰ্তা প্ৰেৰণ কৰাত এতিয়া অধিক চিন্তিত হৈ পৰিছে অৰ্পিতা গগৈৰ পৰিয়ালটো।
অৰ্পিতাৰ পৰিয়ালৰ লোকে হাতযোৰ কৰি সন্ধানহীন ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনক। আনহাতে এইক্ষেত্ৰত যুৱতীগৰাকী আলফালৈ যোৱাৰ বাৰ্তা লাভ কৰাত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ ঘৰৰ ছোৱালী ঘৰলৈ পঠিয়াই দিয়াৰ কাতৰ আহ্বান পৰিয়ালৰ লোকৰ।
আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত উক্ত দিনাই কাকতিবাৰী আৰক্ষী থানাত উচিত তদন্ত আৰু যুৱতীগৰাকী উদ্ধাৰৰ বাবে অৱগত কৰাৰ পিছতো কাকতিবাৰী আৰক্ষী থানাই এই সংক্ৰান্তত বিশেষভাৱে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে অৰ্পিতাৰ পৰিয়ালৰ লোকে।
সন্ধানহীন হোৱাৰ এটা সপ্তাহ উকলি যোৱাৰ পিছতো ছাত্ৰীগৰাকীৰ শুং সূত্ৰ উলিওৱাত আৰক্ষী বিফল হোৱা বুলি অৰ্পিতাৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে। আনহাতে আৰক্ষীয়ে ছাত্ৰীগৰাকী আলফালৈ নহয় প্ৰেমিকৰ সৈতে পলায় যোৱা বুলিহে জনাইছে। অৱশ্যে এই ছাত্ৰীগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ'লেহে প্ৰকৃত সত্য পোহৰলৈ অহাৰ আশা কৰা হৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|