প্ৰেমৰ বাবেই ব্ৰহ্মপুত্ৰত জাঁপ! এতিয়াও সন্ধান ওলোৱা নাই তৃষ্ণাৰ

সোমবাৰে ব্ৰহ্মপুত্ৰত জঁপিয়াইছিল জাগীৰোড কলেজৰ দুই ছাত্ৰ ভাৰ্গৱ ডেকা আৰু ৰঞ্জন ডেকাৰ লগতে তৃষ্ণা কলিতাই।

news18assam
Updated:June 11, 2019, 8:19 AM IST
প্ৰেমৰ বাবেই ব্ৰহ্মপুত্ৰত জাঁপ! এতিয়াও সন্ধান ওলোৱা নাই তৃষ্ণাৰ
সোমবাৰে ব্ৰহ্মপুত্ৰত জঁপিয়াইছিল জাগীৰোড কলেজৰ দুই ছাত্ৰ ভাৰ্গৱ ডেকা আৰু ৰঞ্জন ডেকাৰ লগতে তৃষ্ণা কলিতাই।
news18assam
Updated: June 11, 2019, 8:19 AM IST
এতিয়ালৈ সন্ধান ওলোৱা নাই ব্ৰহ্মপুত্ৰত জাঁপ দিয়া চন্দ্ৰপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী তৃষ্ণা কলিতাৰ। সোমবাৰে ব্ৰহ্মপুত্ৰত জঁপিয়াইছিল জাগীৰোড কলেজৰ দুই ছাত্ৰ ভাৰ্গৱ ডেকা আৰু ৰঞ্জন ডেকাৰ লগতে তৃষ্ণা কলিতাই। তাঁতীমাৰাৰ তপোবনত সংঘটিত হয় এই ঘটনা। ৫গৰাকী শিক্ষাৰ্থীয়ে ফুৰিবলৈ আহিছিল সেই স্থানলৈ। প্ৰেমজনিত কাৰণতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। সোমবাৰে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে দুই ছাত্ৰৰ মৃতদেহ। কিন্তু এইপৰ্যন্ত সন্ধান ওলোৱা নাই ছাত্ৰীগৰাকীৰ। আজি পুনৰ উদ্ধাৰ অভিযান চলাব NDRF–এ। পুৱাই চন্দ্ৰপুৰৰ সেই স্থানত উপস্থিত হৈছে NDRF বাহিনীৰ দল।
আৰু চাওক পৰৱৰ্তী বাতৰি