জাগীৰোড পেপাৰ মিলত প্ৰত্যেকজন কৰ্মচাৰীৰে দশা বিশ্বজিৎ মজুমদাৰৰ দৰে...শোকত ভাগি পৰিল সহকৰ্মী

News18-Assam
Updated:April 30, 2019, 12:12 PM IST
জাগীৰোড পেপাৰ মিলত প্ৰত্যেকজন কৰ্মচাৰীৰে দশা বিশ্বজিৎ মজুমদাৰৰ দৰে...শোকত ভাগি পৰিল সহকৰ্মী
কাগজ কলৰ দুৰ্দশাৰ মাজতে দৰমহা নাপাই আত্মহনন কৰা কৰ্মচাৰীৰ সংখ্যা ৩ জনলৈ বৃদ্ধি

কাগজ কলৰ দুৰ্দশাৰ মাজতে দৰমহা নাপাই আত্মহনন কৰা কৰ্মচাৰীৰ সংখ্যা ৩ জনলৈ বৃদ্ধি

  • Share this:
জাগীৰোড পেপাৰ মিলত প্ৰত্যেকজন কৰ্মচাৰীৰে দশা বিশ্বজিৎ মজুমদাৰৰ দৰে। কোনোবাই যদি কন্যা সন্তানৰ বিবাহ সম্পন্ন কৰিব পৰা নাই, আন কোনোবাই নিজৰ ঘৰখন চলাবলৈ উৱাদিহ বিচাৰি পোৱা নাই। সোমবাৰে আত্মহননৰ পথ বাচি লোৱা জাগীৰোড কাগজ কলৰ দুৰ্ভগীয়া কৰ্মচাৰী বিশ্বজিৎ মজুমদাৰৰ মৃত্যুত শোকত ভাগি পৰিছে আত্মীয় তথা পৰিজন। অনাটনৰ সৈতে যুঁজৰ মাজতে বিগত ২৭ মাহত দুটা কাগজ কলৰ ৫৫জন কৰ্মচাৰীৰ মৃত্যু হৈছে। দৰমহা নাপাই আত্মহনন কৰিছে তিনিজন কৰ্মচাৰীয়ে। ইয়াৰ মাজতে ২৭মাহে দৰমহাৰ পৰা বঞ্চিত হৈ জাগীৰোড কাগজ কলৰ এগৰাকী বিষয়াই আত্মহননৰ পথ বাচি ল'ব লগা হোৱাৰ পাছতে এতিয়া ক্ষোভত ফাটি পৰিছে জাগীৰোড কাগজ কলৰ কৰ্মচাৰীসকল। দীৰ্ঘদিনে চৰকাৰে প্ৰতিশ্ৰুতিৰ পাছত প্ৰতিশ্ৰুতি দিলে যদিও আজিপৰ্যন্ত কাগজকলটো পুনৰ কাৰ্যক্ষম কৰাৰ কোনো দৃঢ় পদক্ষেপ গ্ৰহণ নকৰিলে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে। ফলত ২৭ মাহে দৰমহাৰ পৰা বঞ্চিত হৈ সোমবাৰে আত্মহত্যাৰ পথ বাচি লৈছিল কাগজ কলৰ বিতৰণ বিভাগৰ বিষয়া বিশ্বজিৎ মজুমদাৰে।

চাওক এই ভিডিঅ’:
আৰু চাওক পৰৱৰ্তী বাতৰি