• Home
  • »
  • News
  • »
  • assam
  • »
  • Hailakandi : চালান আৰু আন নথিত লিখা আছিল টাইলছ, কিন্তু ট্ৰাকৰ ভিতৰত ওলাল আন কিবা

Hailakandi : চালান আৰু আন নথিত লিখা আছিল টাইলছ, কিন্তু ট্ৰাকৰ ভিতৰত ওলাল আন কিবা

মেঘালয়ৰ পৰা শিলচৰলৈ গৈ আছিল ট্ৰাকখন

মেঘালয়ৰ পৰা শিলচৰলৈ গৈ আছিল ট্ৰাকখন

মেঘালয়ৰ পৰা শিলচৰলৈ গৈ আছিল ট্ৰাকখন

  • Share this:
আৰক্ষীৰ চকুত ধূলি দিয়াৰ বাবে নিত্য নতুন প্ৰয়াস চোৰাং ব্যৱসায়ীৰ। শনিবাৰ নিশা হাইলাকান্দি আৰক্ষীয়ে এনে এক নতুন পন্থাত কৰা চোৰাং ব্যৱসায়ৰ পথ বন্ধ কৰি দিয়ে।

শনিবাৰ নিশা হাইলাকান্দি জিলাৰ পাচগ্ৰাম আৰক্ষীয়ে জব্দ কৰে এখন কণ্টেনাৰ ট্ৰাক। ট্ৰাকখনৰ চালান আৰু অন্যান্য নথি পত্ৰত টাইলছ মজুত আছে বুলি উল্লেখ আছিল যদিও কন্টেনাৰৰ ভিতৰত আছিল কয়লা।

মেঘালয়ৰ পৰা অবৈধভাৱে কয়লা কঢ়িয়াই শিলচৰলৈ লৈ যোৱা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন। লগতে আন এখন কয়লাভৰ্তি ডাম্পাৰো জব্দ কৰিবলৈ সক্ষম হয় পাচগ্ৰাম আৰক্ষী। বৰ্তমানে আৰক্ষীয়ে কণ্টেনাৰখনৰ চালক আৰু সহঃ চালকক আটক কৰি সোধা-পোছা আৰম্ভ কৰিছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি