• Home
  • »
  • News
  • »
  • assam
  • »
  • Hailakandi : চূণশিলৰ চালান বনাই কয়লা সৰবৰাহ, হাইলাকান্দিত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকে উদঙালে কয়লাৰ অবৈধ বেহাৰ তথ্য

Hailakandi : চূণশিলৰ চালান বনাই কয়লা সৰবৰাহ, হাইলাকান্দিত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকে উদঙালে কয়লাৰ অবৈধ বেহাৰ তথ্য

চুনশীলৰ চালানত কয়লা পাচাৰ । হাইলাকান্দিত দুৰ্ঘটনাগ্ৰস্থ কয়লা ভৰ্তি ট্ৰাক । 

চুনশীলৰ চালানত কয়লা পাচাৰ । হাইলাকান্দিত দুৰ্ঘটনাগ্ৰস্থ কয়লা ভৰ্তি ট্ৰাক । 

চুনশীলৰ চালানত কয়লা পাচাৰ । হাইলাকান্দিত দুৰ্ঘটনাগ্ৰস্থ কয়লা ভৰ্তি ট্ৰাক । 

  • Share this:
বৰ‍াক উপত্যকাত পুনৰ আৰম্ভ হৈছে কয়লাৰ অবৈধ ছিণ্ডিকেট। নিশাৰ এন্ধাৰত বৰাকত সোমাইছে গাড়ীয়ে গাড়ীয়ে মেঘালয়ৰ কয়লা। তথাপি কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী প্ৰশাসন। এটা দুৰ্ঘটনাই উদঙাই দিলে এই অবৈধ বেহাৰ বহু তথ্য।

যোৱানিশা হাইলাকান্দি জিলাৰ কালাছেৰা এলেকাত দুৰ্ঘটনাগ্ৰস্ত হয় এখন ট্ৰাক।  স্থানীয় লোকে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকৰ পৰা চালক–হেণ্ডিমেনক উদ্ধাৰ কৰিবলৈ যাওঁতে চকু কপালত উঠে। কিয়নো দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকৰ পৰা ওলাই আহিছিল বৃহৎ পৰিমাণৰ কয়লা।

ইয়াৰ লগতে চকা ফুটি যোৱা আন এখন ট্ৰাকতো প্ৰত্যক্ষ কৰা গৈছে কয়লা। পিছত স্থানীয় লোকৰ  সন্দেহ ওপজাত আন এখন ট্ৰাক ৰখোৱাত তাতো প্ৰত্যক্ষ কৰে কয়লা। আনহাতে, কয়লাভৰ্তি ট্ৰাকৰ চালান চাওঁতে সন্মুখলৈ আহে ভয়াবহ তথ্য। কয়লাভৰ্তি এই ট্ৰাকসমূহত কয়লা পৰিৱৰ্তে আছিলে চূণশিলৰ চালান। প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ পৰা নিশা চূণশিলৰ চালানেৰে কয়লা সৰবৰাহ হৈছে বৰাকত। পিছত স্থানীয় লোকে আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰায়। বাতৰি লিখা পৰলৈ কিন্তু তাত আৰক্ষী উপস্থিত হোৱা নাই।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি