• Home
  • »
  • News
  • »
  • assam
  • »
  • নাগালেণ্ডৰ অহা কয়লা মিহলি বোকাই শেষ কৰিছে এখন বিশাল খেতিপথাৰ, উপায়হীন চৰাইসজীয়াৰ কৃষক

নাগালেণ্ডৰ অহা কয়লা মিহলি বোকাই শেষ কৰিছে এখন বিশাল খেতিপথাৰ, উপায়হীন চৰাইসজীয়াৰ কৃষক

চৰাইসজীয়াবাসী ৰাইজৰ কাতৰ অনুৰোধ, চৰকাৰে যাতে এই পথাৰখন উদ্ধাৰ কৰি কৃষকসকলক জীৱন নিৰ্বাহৰ সুবিধা দিয়ে৷ 

চৰাইসজীয়াবাসী ৰাইজৰ কাতৰ অনুৰোধ, চৰকাৰে যাতে এই পথাৰখন উদ্ধাৰ কৰি কৃষকসকলক জীৱন নিৰ্বাহৰ সুবিধা দিয়ে৷ 

চৰাইসজীয়াবাসী ৰাইজৰ কাতৰ অনুৰোধ, চৰকাৰে যাতে এই পথাৰখন উদ্ধাৰ কৰি কৃষকসকলক জীৱন নিৰ্বাহৰ সুবিধা দিয়ে৷ 

  • Share this:

নাগালেণ্ডৰ পাহাৰত বৈধ-অবৈধ কয়লা খননৰ জৰিয়তে কোটিপতি হৈছে এচাম কয়লা ব্যৱসায়ী। কিন্তু নাগালেণ্ডৰ পাহাৰৰ উন্মুক্ত কয়লা খননৰ ফলত নাজিৰাৰ গেলেকীত মৃত্যু হৈছে এডোখৰ উৰ্বৰা কৃষিভূমিৰ৷ বিপদ মাতিছে শিৱসাগৰ জিলাৰ নাজিৰা গেলেকীৰ অসম–নাগালেণ্ড সীমান্তৱৰ্তী  চৰাইসজীয়া অঞ্চলৰ কৃষকলৈ ৷


নাগালেণ্ডৰ পাহাৰৰ পৰা ভৈয়ামলৈ বৈ অহা দৈখনা নদীৰ পানী বিষাক্ত হৈ পৰিছে৷ নদীত উটি অহা কয়লা মিহলি বোকাই ক্ৰমান্বয়ে পুতি পেলাইছে গেলেকীৰ চৰাইসজীয়াৰ উৰ্বৰা পথাৰখন৷ বিগত ১৫ বছৰে ছন পৰি ৰৈছে ১৩২ বিঘাকৈ কৃষিভূমি।


নাগালেণ্ড পাহাৰৰ পৰা বৈ অহা নদীৰ কয়লা মিহলি বোকাই ইতিমধ্যে প্ৰায়  ১৩২ বিঘাকৈ কৃষি ভূমি কৃষিৰ বাবে অনুপযোগী কৰি তুলিছে৷ কৃষিৰ ওপৰতে নিৰ্ভৰশীল গাঁওখনৰ ৭০টা পৰিয়ালৰ লগতে অঞ্চলটোৰ বহু লোকে এতিয়া আনৰ ঘৰত দিনহাজিৰা কৰিব লগা হৈছে৷ চৰকাৰী চাউল নাপালে ঘৰ নচলে পৰিয়ালবোৰৰ৷ স্থানীয় বিধায়কক বহুবাৰ আবেদন–নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত কৃষকসকলৰ বাবে কোনো সুব্যৱস্থা কৰি নিদিলে, যাৰ বাবে এতিয়া বিমোৰত পৰিছে গেলেকীৰ চৰাইসজীয়াৰ কৃষকসকল৷


যদি এনেদৰে নদীৰ পানীত কয়লা মিহলি বোকা পথাৰখনলৈ আহি থাকে তেনেহ'লে বৃহত্তৰ অঞ্চলটোৰ তিনিশতকৈ অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হ'ব৷ সংবাদমাধ্যমৰ যোগেদি চৰাইসজীয়াবাসী ৰাইজৰ কাতৰ অনুৰোধ, চৰকাৰে যাতে এই পথাৰখন উদ্ধাৰ কৰি কৃষকসকলক জীৱন নিৰ্বাহৰ সুবিধা দিয়ে৷

Published by:Gautam Barman
First published: