অসমৰ ইন্দ্ৰাণী মুখাৰ্জীৰ কাৰণেই জেললৈ যাবলগীয়া হ’ল পি চিদাম্বৰম!

ইন্দ্ৰণীৰ ভাষ্যতে পোহৰলৈ আহিছিল কেলেংকাৰী সবিশেষ

News18-Assam
Updated:August 22, 2019, 7:00 PM IST
অসমৰ ইন্দ্ৰাণী মুখাৰ্জীৰ কাৰণেই জেললৈ যাবলগীয়া হ’ল পি চিদাম্বৰম!
ইন্দ্ৰণীৰ ভাষ্যতে পোহৰলৈ আহিছিল কেলেংকাৰী সবিশেষ
News18-Assam
Updated: August 22, 2019, 7:00 PM IST
চিদাম্বৰমৰ গ্ৰেপ্তাৰৰ সৈতে জড়িত আছে ইন্দ্ৰাণী মুখাৰ্জী। ইন্দ্ৰণীৰ ভাষ্যতে পোহৰলৈ আহিছিল কেলেংকাৰীৰ সবিশেষ। INX মিডিয়া কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰম। এতিয়া চিদাম্বৰমৰ বিৰুদ্ধে উত্থাপিত হোৱা গোচৰত ৰাজসাক্ষী হ’ব ইন্দ্ৰাণী। উল্লেখ্য যে ইন্দ্ৰাণীৰ ভাষ্যৰ ভিত্তিতে ৰুজু হৈছিল প্ৰাক্তন বিত্ত মন্ত্ৰীজনৰ বিৰুদ্ধে গোচৰ।

২০০৮ত চিদাম্বৰমক প্ৰথমবাৰৰ বাবে লগ কৰিছিল ইন্দ্ৰাণীয়ে। INXমিডিয়াৰ বাবে ইন্দ্ৰাণীয়ে সহায় বিচাৰছিল চিদাম্বৰমৰ পৰা। FDIৰ সহায় বিচাৰিও ইন্দ্ৰাণী গৈছিল চিদাম্বৰমৰ ওচৰলৈ।
পিছত চিদাম্বৰমে বিষয় সন্দৰ্ভত পুত্ৰ কাৰ্তি চিদাম্বৰমক দিছিল সহায়ৰ প্ৰস্তাৱ। আৰু পিছত কাৰ্তিৰ  হৈছিল বিত্তীয় অনিয়ম।

উল্লেখযোগ্য যে শ্বীণা বৰা হত্যাৰ জেৰাত পোহৰলৈ আহিছিল এই গোপন তথ্য। ইন্দ্ৰাণীয়ে জেৰাত কৈছিল সমগ্ৰ ঘটনাৰ সবিশেষ তথ্য। সেই তথ্যৰ ভিত্তিতে ইউ পি এ চৰকাৰৰ বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ বিৰুদ্ধে ২০১৭ত ৰুজু হৈছিল গোচৰ। গোচৰৰ ভিত্তিতে কেইবাবাৰো জেৰা  কৰা হৈছিল পি চিদাম্বৰমৰ পুত্ৰ তথা সাংসদ কাৰ্তি চিদাম্বৰমক।
আৰু চাওক পৰৱৰ্তী বাতৰি