উপ–নির্বাচনৰ আটাইকেইখন আসনত জয় সাব্যস্ত কৰাৰ পিছতে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে থাওৰা, মৰিয়নি, গোসাঁইগাঁও, তামুলপুৰ আৰু ভৱানীপুৰৰ ভোটাৰ ৰাইজলৈ শ্ৰদ্ধা জ্ঞাপন কৰি পাঁচ মাহ অতিক্ৰম কৰা চৰকাৰখনক অসমবাসী ৰাইজে আদৰি লোৱাত কৃতজ্ঞতা জনায়। তেওঁ কয়– ‘পাঁচটা সমষ্টিৰ পাঁচটাতে আমাৰ মিত্ৰজোঁটে দখল কৰিবলৈ সক্ষম হ'ল। সুশান্ত বৰগোহাঁই, ৰূপজ্যোতি কুৰ্মী, ফণীধৰ তালুকদাৰে পূৰ্বেও জয়ী হৈ আহিছিল৷ কিন্তু এইবাৰ বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈ আহিছে।’
তেওঁ বিশেষকৈ ভৱানীপুৰ সমষ্টিৰ প্ৰসংগত কয় যে ২০০৬ চনত অগপৰ প্ৰাৰ্থী মনোৰঞ্জন দাসে শেষবাৰলৈ জয়ী হৈছিল ভৱানীপুৰত৷ তাৰ পিছত AIUDFয়ে দখল কৰি ৰাখিছিল এই সমষ্টি। শ্বহীদৰ জন্মভূমি AIUDFয়ে দখল কৰাটো জাতিৰ বাবে দুখৰ বিষয় আছিল৷ আনহাতে, থাওৰাত কংগ্ৰেছে ভোট ৰাইজৰ দললৈ ট্ৰেন্সফাৰ কৰা বুলি উল্লেখ কৰি কয় যে কংগ্ৰেছ আৰু ৰাইজৰ দল একলগ হ'লেও সমষ্টিটোত ৩০ হাজাৰ ভোটৰ ব্যৱধান থাকিলহেঁতেন। তেওঁ লগতে কয়– ''মোৰ লগত অখিল গগৈৰ সম্পৰ্ক ভাল৷ মুখ্যমন্ত্ৰী আৰু বিধায়ক হিচাপে সম্পৰ্ক ঠিকে আছে৷''
মুখ্যমন্ত্ৰীৰ মতে, এই নিৰ্বাচনী ফলাফলক লৈ বিৰোধীয়ে যি নকওক, কিন্তু ৰাইজে উন্নয়ন আৰু বিকাশৰ কথাত বিশ্বাস কৰিয়েই বিজেপিক জয়ী কৰাইছে। তেওঁ কয়– ''মোৰ লক্ষ্য কেতিয়াবা হ'ব ১২৬টা সমষ্টিয়ে৷ মোৰ জীৱন কালত এনে এটা দিন আহিব যে ১২৬টাতে বিজেপি জিকিব।'' আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি অসমেই নহয় উত্তৰ-পূবতে আদৰ আছে বুলি উল্লেখ কৰি ''মোদী ডাঙৰীয়াৰ সৈতে ১২৬টা সমষ্টিৰ সকলোৱে থাকিব বিচাৰে'' বুলি কয়।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই যোৱা ছটা মাহ বিজেপিৰ বাবে বহু গুৰুত্বপূৰ্ণ আছিল বুলি জানিবলৈ দিয়ে। এই মাহকেইটাত বহু ঘটনা ঘটাৰ লগতে অৰ্থনৈতিক সংস্কাৰ হোৱাৰ কথা কয়। সভ্যতা আৰু বিকাশক গুৰুত্ব দিয়াৰ ঘোষণা কৰি তেওঁ গৰুখুঁটিত আত্মনিৰ্ভৰশীল অসম গঢ়ি উঠিব বুলি প্ৰকাশ কৰে। তেওঁৰ মতে অসমত মাতব্বৰে বহু মাটি দখল কৰি ৰাখিছে, হেলিকপ্টাৰত যাওঁতে বহু মাটি পৰি থকা প্ৰত্যক্ষ কৰা বুলি কৈ চৰত ছাৰ্ভে হ'লে অসমত মাতব্বৰ প্ৰথা নোহোৱা হ'ব বুলি প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ জয়ৰ ক্ষেত্ৰত আনৰ লগতে অগপৰ সহযোগ তথা মিচিং, দেউৰী, সোণোৱাল-কছাৰী স্বায়ত্তশাসিত পৰিষদেও সহায় কৰাত সকলোকে কৃতজ্ঞতা জনায়।
উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিৰ প্ৰসংগত কয়– ''প্ৰতিশ্ৰুতি পালন কৰিবলৈ আমি কাম কৰি যাম। আমাক জিৰণি ল'বলৈ ভোট দিয়া নাই৷ আমি জিৰণি নলৈ ৰাইজৰ হৈ কাম কৰি যাম৷ আমি দুৰন্ত গতিত কাম কৰি যাম৷ ভৰি মাটিত ৰাখি, হাতেৰে আকাশ চুই চোৱাৰ আকাংক্ষাৰে আমি কাম কৰি যাম৷ সকলো মোৰ বন্ধু৷ উন্নতি–বিকাশ সকলোৰে বাবে মই কৰিম৷ মই কাম কৰি যাব লাগিব, কাম কৰিলে ভোট দিবই৷''
উল্লেখ্য, সংবাদমেল আৰম্ভ কৰাৰ আগেয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো বিজেপিক জয়ী কৰাৰ বাবে সকলোলৈ কৃতজ্ঞতা প্ৰকাশ কৰে। মিত্ৰজোঁটৰ জয়ৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে প্ৰথম ক্ৰেডিট দিয়াৰ লগতে কাৰ্যকৰ্তাসকলকো ধন্যবাদ জনায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|