অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিক্ষাগ্ৰহণ কৰা যোৰহাটৰ বাল্যভৱন স্কুলত শুকুৰবাৰে উপস্থিত হয়হি পত্নী ৰিণিকি ভূঞা শৰ্মা। মুখ্যমন্ত্ৰী তথা স্বামীৰ হৈ ৰিণিকি ভূঞা শৰ্মাই যোৰহাটৰ বাল্যভৱন বিদ্যালয়খনলৈ এটা বিশেষ কামৰ বাবে উপস্থিত হয়।
উল্লেখযোগ্য যে, স্বামী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰা এই বিদ্যালয়খনলৈ ৰিণিকি ভূঞা শৰ্মাই প্ৰায় দেৰবছৰ পূৰ্বে এক কোটি টকাৰ অনুদান আগবঢ়াইছিল। এই অনুদানেৰে বিদ্যালয় চৌহদত ৫টা শ্ৰেণীকোঠা আৰু এটা প্ৰেক্ষাগৃহ ভৱন নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই শুকুৰবাৰে এই ভৱনটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তথা স্বামীয়ে শিক্ষাৰ আদিপাঠ লাভ কৰা বাল্যভৱন বিদ্যালয়লৈ আহি ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিছু সহায় আগবঢ়াবলৈ পাই গভীৰ সন্তুষ্টি লাভ কৰা বুলি মন্তব্য কৰে ৰিণিকি ভূঞা শৰ্মাই। আনহাতে, নতুন শিক্ষা নীতিৰ সৈতে সংগতি ৰাখি অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ড অধিক উন্নত কৰি তুলিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবঢ়াৰ ইংগিত দিয়ে ৰিণিকি ভূঞা শৰ্মাই।
বাল্যভৱন বিদ্যালয় কৰ্তৃপক্ষই মুখ্যমন্ত্ৰী তথা তেখেতৰ পত্নী আৰু পৰিয়ালৰ এই সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে। ৰিণিকি ভূঞা শৰ্মাই বাল্যভৱনত বহু সময় অতিবাহিত কৰি বিদ্যালয়খনৰ শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে বিভিন্ন বিষয়ত বাৰ্তালাপ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ পাতনি মেলা যোৰহাটৰ এই বিদ্যালয়খনৰ প্ৰতি আগবঢ়োৱা সহায় তথা সদিচ্চাক বহুজনে প্ৰসংশা কৰিছে ।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 29, 2023, 09:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|