உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Gaonburha Appointment Scam : গাওঁবুঢ়া নিযুক্তিতো সংগ্ৰহ লাখ লাখ টকা, তদন্তত নামিছে CM ভিজিলেন্স, মানকাচৰ জিলা প্ৰশাসনত ধুমুহা

    Gaonburha Appointment Scam : গাওঁবুঢ়া নিযুক্তিতো সংগ্ৰহ লাখ লাখ টকা, তদন্তত নামিছে CM ভিজিলেন্স, মানকাচৰ জিলা প্ৰশাসনত ধুমুহা

    Gaonburha Appointment Scam :দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখা দলৰ অভিযানৰ সময়ত গাঁওবুঢ়া নিযুক্তি সম্পৰ্কীয় বহু নথি-পত্ৰ জব্দ কৰা হৈছে। অভিযোগ উত্থাপিত হৈছে ছাইবৰ ৰহমান, তদনীন্তন উপায়ুক্ত আতিকা চুলতানাৰ বিৰুদ্ধে।

    • Share this:
    দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰত ৭০টা গাওঁবুঢ়া পদ আৰু দক্ষিণ শালমাৰাত ২৪টা গাওঁবুঢ়া (Village Head) পদকে ধৰি মুঠ ৯৪টা গাঁওবুঢ়া পদৰ নিযুক্তিত কেলেংকাৰী (Appointment Scam)ৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত গাওঁবুঢ়া প্ৰাৰ্থীসকলে ৷ এই অভিযোগৰ পিছতে জিলাখনত তদন্ত আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাই।

    মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখা (CM's Vigilance)ৰ এটা দলে সোমবাৰৰ পৰাই দক্ষিণ শালমাৰা-মানকাচৰ জিলা (South Salmara Mankachar District) ৰ হাটশিঙিমাৰীত উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ গাওঁবুঢ়া নিযুক্তি কেলেংকাৰীৰ অভিযোগৰ তদন্ত আৰম্ভ কৰিছে ৷ উপায়ুক্তৰ কাৰ্যালয়ৰ কেইবাজনো বিষয়া-কৰ্মচাৰীক সোধা-পোছা কৰাও পৰিলক্ষিত হৈছে। আজি তদন্ত প্ৰক্ৰিয়া সামৰি গাওঁবুঢ়া নিযুক্তিৰ বহুত নথি-পত্ৰ জব্দ কৰে CM ভিজিলেন্সৰ দলে ৷

    বঞ্চিত প্ৰাৰ্থীসকলৰ অভিযোগ যে তদানীন্তন ADC ছাইবৰ ৰহমান (Saibor Rohman) আৰু তদানীন্তন উপায়ুক্ত আতিকা চুলতানা (Atika Sultana)ই প্ৰতিটো গাওঁবুঢ়া পদৰ বাবে লাখ লাখ টকা সংগ্ৰহ কৰিছিল। উল্লেখ্য যে ছাইবৰ ৰহমানক কিছুদিন পূৰ্বে আয়তকৈ অধিক সম্পত্তি আহৰণৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

    মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে  তদন্তৰ সময়ত তদানীন্তন উপায়ুক্ত গুৰদ্বীপ সিং পানেশ্বৰকো সোধাপোছা কৰিব পাৰে। এতিয়া অভিযানকাৰী দলটোৱে সাংবাদিকৰ আগত কোনো ধৰণৰ মন্তব্য কৰা নাই যদিও সঠিক দিশত আগবাঢ়িলে এই গাওঁবুঢ়া নিযুক্তি কেলেংকাৰীত জালত পৰিব পাৰে বহু দালাল, বিষয়া-কৰ্মচাৰী ৷ পিছে তদন্ততহে পোহৰলৈ আহিব অভিযোগৰ সত্যা-সত্যতা।
    Published by:Manjumoni Borah
    First published: