মৰিয়নীত বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিত বৃহৎ কেলেংকাৰী! যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ত অভিযান মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ

যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ বিকেন্দ্ৰীকৃত পৰিকল্পনা শাখাত মঙলবাৰে পুৱা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ বিকেন্দ্ৰীকৃত পৰিকল্পনা শাখাত মঙলবাৰে পুৱা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
- News18 Assam
- Last Updated: February 23, 2021, 3:43 PM IST
যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ বিকেন্দ্ৰীকৃত পৰিকল্পনা শাখাত মঙলবাৰে পুৱা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ২০১১ চনৰ পৰা ২০১৭ চনলৈকে মৰিয়নী বিধানসভা সমষ্টিত বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিত সংঘটিত কেলেংকাৰীৰ তদন্তৰ বাবে আহিছে এই দলটো।
অভিযোগ অনুসৰি, এই সময়ছোৱাত মৰিয়নী সমষ্টিত বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰে ৰূপায়ণ হৈছিল প্ৰায় ৭০০ উন্নয়নমূলক কাম। ইয়াৰ বহু আঁচনি প্ৰকৃতাৰ্থত ৰূপায়ণ নোহোৱাৰ অভিযোগ উঠিছিল। আৰু এই আঁচনিসমূহৰ ৰূপায়ণত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগৰ তদন্তৰ বাবেই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এই বৃহৎ দলটোৱে মঙলবাৰে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰিকল্পনা শাখাত অভিযান চলাই বৃহৎ পৰিমাণৰ নথি–পত্ৰ জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। তদন্তকাৰী দলটোৱে জানিবলৈ দিয়া মতে, প্ৰথমে এই আঁচনিসমূহৰে জড়িত নথি–পত্ৰসমূহ পৰীক্ষা কৰি তাৰ পিছত সংশ্লিষ্ট স্থানসমূহলৈ গৈ তদন্ত আৰম্ভ কৰিব।
বিধানসভা নিৰ্বাচনৰ পূৰ্বে মৰিয়নী সমষ্টিত বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিত সংঘটিত কেলেংকাৰীৰ তদন্ত আৰম্ভ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰ্বাচনৰ প্ৰাকক্ষণত অব্যাহত থাকিব লগা এই তদন্তৰ কাম–কাজসমূহে মৰিয়নীৰ বিধায়কগৰাকীক যে অস্বস্তিত পেলাব সেয়া নিশ্চিত।