உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • APDCLৰ ১৬০০ ফিল্ড এছিষ্টেণ্ট পদৰ বাবে ২০১৯ চনত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাত খেলিমেলিৰ অভিযোগ, কি হ’ব পৰীক্ষাৰ্থীৰ?

    APDCLৰ ১৬০০ ফিল্ড এছিষ্টেণ্ট পদৰ বাবে ২০১৯ চনত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাত খেলিমেলিৰ অভিযোগ, কি হ’ব পৰীক্ষাৰ্থীৰ?

    APDCLৰ ১৬০০ ফিল্ড এছিষ্টেণ্ট পদৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতে সৃষ্টি হৈছিল বিতৰ্কৰ। পৰীক্ষাত খেলিমেলি সংঘটিত হোৱাৰো অভিযোগ উত্থাপিত হৈছিল। 

    APDCLৰ ১৬০০ ফিল্ড এছিষ্টেণ্ট পদৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতে সৃষ্টি হৈছিল বিতৰ্কৰ। পৰীক্ষাত খেলিমেলি সংঘটিত হোৱাৰো অভিযোগ উত্থাপিত হৈছিল। 

    APDCLৰ ১৬০০ ফিল্ড এছিষ্টেণ্ট পদৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতে সৃষ্টি হৈছিল বিতৰ্কৰ। পৰীক্ষাত খেলিমেলি সংঘটিত হোৱাৰো অভিযোগ উত্থাপিত হৈছিল। 

    • Share this:
    APDCLৰ ১৬০০ ফিল্ড এছিষ্টেণ্ট পদৰ বাবে ২০১৯ চনত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাত খেলিমেলিৰ অভিযোগ। তদন্তৰ বাবে দ্বিতীয় দিনাও গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখা দল। APDCLৰ নিযুক্তি পৰীক্ষাৰ ফলাফল প্ৰক্ৰিয়াৰ তদন্ত কৰিবলৈ  গুৱাহাটী বিশ্ববিদ্যালয়ত বুধবাৰে উপস্থিত হৈছিল দলটো। APDCLৰ ২০১৯ চনত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ফলাফলৰ দায়িত্ব শেহতীয়াকৈ দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ক।

    বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্ট্ৰং ৰুমত আছে পৰীক্ষাৰ উত্তৰবহীসমূহ। এই সমগ্ৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ তথা তদন্তৰ বাবে দলটো আহিছিল গুৱাহাটী বিশ্ববিদ্যালয়লৈ। এই কথা সংবাদ মাধ্যমক জনাইছিল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়ে।

    উল্লেখযোগ্য যে APDCLৰ ১৬০০ ফিল্ড এছিষ্টেণ্ট পদৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতে সৃষ্টি হৈছিল বিতৰ্কৰ। পৰীক্ষাত খেলিমেলি সংঘটিত হোৱাৰো অভিযোগ উত্থাপিত হৈছিল।  এই সন্দৰ্ভত CM ভিজিলেঞ্চতো দিয়া হৈছিল অভিযোগ। যাৰ বাবে সমগ্ৰ দিশ পুংখানুপুংখভাৱে তদাৰক কৰে CM ভিজিলেঞ্চৰ দলটোৱে।

    তাৰোপৰি ফলাফল প্ৰক্ৰিয়াৰে জড়িত বোৰ্ডৰ সদস্যকো সোধা-পোছা কৰে দলটোৱে। তদন্তৰ বাবে দ্বিতীয় দিনা গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাৰ এটা দল। তদন্তৰ খাতিৰত কোনো বিশেষ মন্তব্য নকৰি পৰৱৰ্তী সময়ত সকলো কথা অৱগত কৰিব বুলি জানিবলৈ দিয়ে তদন্তকাৰী দলটোৱে।
    Published by:Sanjay Kumar Das
    First published: