তদন্তকাৰী বিষয়া ৰ'জী কলিতাই জনোৱা মতে, বৰপেটাৰ ৪১স্থানত ভূমি–সম্পত্তি আছে চাইবৰৰ৷
তদন্তকাৰী বিষয়া ৰ'জী কলিতাই জনোৱা মতে, বৰপেটাৰ ৪১স্থানত ভূমি–সম্পত্তি আছে চাইবৰৰ৷
বৰপেটাৰ কয়াকুছিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান৷ ধুবুৰীৰ পূৰ্বৰ অতিৰিক্ত উপায়ুক্ত তথা বৰ্তমানৰ উপ সচিব চইবৰ ৰহমানক লগত লৈ তেওঁৰ বৰপেটাৰ কয়াকুছিৰ বাসভৱনত তদন্তকাৰী দলটোৱে চলালে অনুসন্ধান৷ তদন্তকাৰী দলটোৱে জনোৱা মতে, চাইবৰ ৰহমানৰ স্থাবৰ সম্পত্তিৰ তথ্য বিচাৰি চলাই আছে অনুসন্ধান৷
তদন্তকাৰী বিষয়া ৰ'জী কলিতাই জনোৱা মতে, বৰপেটাৰ ৪১স্থানত ভূমি–সম্পত্তি আছে চাইবৰৰ৷ চাইবৰ ৰহমানৰ বেংক একাউণ্টসমূহৰো তথ্য ল’লে তদন্তকাৰী বিষয়াই৷ বেংক একাউণ্টতো আছে বৃহৎ পৰিমাণৰ ধন। অৱশ্যে ধনৰ পৰিমান জনোৱা নাই তদন্তকাৰী বিষয়াই৷
সম্প্ৰতি বৰপেটা চহৰৰ মুছলিমপট্টিত থকা ব্যৱসায়িক প্ৰতিষ্ঠানত তদন্ত আৰম্ভ কৰিব দলটোৱে৷ ইপিনে বৰপেটাত থকা স্থাৱৰ সম্পত্তিসমূহৰ মূল্য নিৰ্ধাৰণ কৰা হোৱা নাই৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|