গুৱাহাটী পৌৰ নিগমত এটা বিয়াগোম বিত্তীয় কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দলে চলাই অভিযান (CM Vigilance Raids in GMC)। ভুৱা বিলেৰে টকা উলিয়াই নিয়া গোচৰ সন্দৰ্ভত চলিছে এই অভিযান। পুৱা ১১ বজাৰ পৰা ধাৰাবাহিক অভিযান চলাইছে চি.এম. ভিজিলেন্সে।
জাৱৰ নিষ্কাশনৰ নামত ভুৱা বিলেৰে প্ৰায় ২০ কোটি টকা হৰলুকী কৰাৰ সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাত গোচৰ তৰিছিল পৌৰ আয়ুক্ত দেৱাশিস শৰ্মাই।
এতিয়ালৈ অভিযানত কি তথ্য পোৱা গৈছে সেই সন্দৰ্ভত বিতংকৈ জানিব পৰা হোৱা নাই যদিও পৌৰ নিগমৰ কেইবাগৰাকীও বিষয়া, অভিযন্তাৰ দুৰ্নীতি পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|