ৰঙিয়াত উপস্থিত চি এম ভিজিলেঞ্চৰ দল। ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ দ্বাৰা আবন্টিত ৰঙিয়াৰ কেইবাটাও পথ নিৰীক্ষণ কৰে চি এম ভিজিলেঞ্চ (CM Vigilance) আৰু লোক নিৰ্মাণ বিভাগে।
চৰজমিন তদন্তৰ বাবে লোক নিৰ্মাণ বিভাগৰ এটি দলে নিৰীক্ষণ কৰে সাংসদ পুঁজি (MP Fund)ৰ দ্বাৰা আবণ্টিত পথ। দলটোৱে স্থানীয় লোকৰ সৈতে এই বিষয়ত সাক্ষাৎগ্ৰহণো কৰে। সাংসদ পুঁজিৰ দ্বাৰা আবণ্টিত সকলো পথ নিৰীক্ষণ কৰি লোকনিৰ্মাণ বিভাগে ৰিপোৰ্ট দাখিল কৰিব চি এম ভিজিলেঞ্চক।
উল্লেখ্য, অজিত কুমাৰ ভূঞাৰ (MP Ajit Kumer Bhuyan) সাংসদ পুঁজিৰ ধনত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। এম পি এল এ ডি ফাণ্ডৰ দ্বাৰা ৰূপায়ণ কৰিবলৈ লোৱা পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগত ৰাইজে প্ৰতিবাদো কৰিছিল।
সাংসদ পুঁজিৰ অনিয়মক লৈ সাংসদ অজিত কুমাৰ ভূঞাই ইতিমধ্যে নতুন দিল্লীত সংবাদমেল সম্বোধন কৰি প্ৰকাশ কৰিছিল যে তেওঁ সাংসদ পুঁজিৰ প্ৰতিটো টকাৰ ব্যয়ৰ বিস্তাৰিত তথ্য ৰাজহুৱা কৰিবলৈ প্ৰস্তুত। তেওঁ লগতে প্ৰকাশ কৰে যে এই পুঁজিৰ ধন সাংসদজনে নিজৰ ইচ্ছা মতে ব্যয় কৰিব নোৱাৰে। এখন চৰকাৰী কমিটী থাকে আৰু কমিটীখনক সাংসদজনে কেৱল কোনটো অঞ্চলত কি কাম কৰিব খোজা হৈছে, সেইটো জনাই দিব লাগে। ইয়াৰ পিছত সংশ্লিষ্ট জিলাখনৰ উপায়ুক্তজনৰ তত্ত্বাৱধানতহে কামৰ খতিয়ান চাই এই পুঁজি নিৰ্দিষ্ট কামৰ বাবে ধন কেইবাটাও কিস্তিত মোকলাই দিয়া হয়। সাংসদগৰাকীয়ে লগতে তেওঁক সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰিবলৈ ৰাজ্য চৰকাৰে ষড়যন্ত্ৰৰ আশ্ৰয় লোৱা বুলি অভিযোগ কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।