உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Project Sadbhawna: প্ৰশাসন ব্যৱস্থাক স্বচ্ছ কৰাৰ দিশত মুখ্যমন্ত্ৰী, ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব 'মিছন সদ্ভাৱনা'

    Project Sadbhawna: প্ৰশাসন ব্যৱস্থাক স্বচ্ছ কৰাৰ দিশত মুখ্যমন্ত্ৰী, ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব 'মিছন সদ্ভাৱনা'

    ২০২৩ৰ ১১ মে'ৰ ভিতৰত সম্পূৰ্ণ e-office হ'ব৷ সকলো বিষয়াই e-office ব্যৱস্থাৰ একোজন মেনটৰ হওক৷- মুখ্যমন্ত্ৰী

    ২০২৩ৰ ১১ মে'ৰ ভিতৰত সম্পূৰ্ণ e-office হ'ব৷ সকলো বিষয়াই e-office ব্যৱস্থাৰ একোজন মেনটৰ হওক৷- মুখ্যমন্ত্ৰী

    ২০২৩ৰ ১১ মে'ৰ ভিতৰত সম্পূৰ্ণ e-office হ'ব৷ সকলো বিষয়াই e-office ব্যৱস্থাৰ একোজন মেনটৰ হওক৷- মুখ্যমন্ত্ৰী

    • Share this:

    ৰাজ্য চৰকাৰে ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিব মিছন সদ্ভাৱনা। সচিবালয়ত জমা হৈ থকা ফাইলৰ কাম কৰিব মিছন সদ্ভাৱনাৰ জৰিয়তে। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শংকৰদেৱ কলাক্ষেত্ৰত অসম সচিবায়লয়ৰ ৬৫০ গৰাকী বিষয়া-কৰ্মচাৰীৰে এক মত বিনিময় অনুষ্ঠানত উপস্থিত থাকি এই কথা ঘোষণা কৰে।


    মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰীৰ মাজত সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ তথা দুৰ্নীতিমুক্ত কাম-কাজৰ পৰিৱেশ সূচনা কৰাৰ বাবে এই আলোচনাত মিলিত হয়। তেওঁ দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে বিষয়া-কৰ্মচাৰীৰ সৈতে। মুখ্যমন্ত্ৰী ভাষণত কয়- ''মিছন সদ্ভাৱনাৰ (Project Sadbhawna) জৰিয়তে ফাইলৰ কাম কৰিম। ২০০২ৰ পৰা জনতা ভৱনত ময়ো কাম কৰি আহিছোঁ৷ মাজত মাত্ৰ এটা বছৰ নাছিলোঁ৷ মই কটনৰ GS থকাৰ দিনৰে পৰা জনতা ভৱনলৈ আহি আছিলোঁ। ফাইলো পঢ়ি চাইছিলোঁ৷ জনতা ভৱনত মানুহে সাক্ষাৎ কৰিবলৈ আহিলে কৰ্মচাৰীয়ে কেন্টিনলৈও চাহ খাব যায়৷ বিষয়াই মাতিলেও যায়৷ সকলো মিলি অফিচৰ কাম কৰা নহয়গৈ৷''


    তেওঁ পুনৰ কয়- ''জনতা ভৱনলৈ সাধাৰণ মানুহ নাহে, বিষয়া-কৰ্মচাৰী, ঠিকাদাৰহে আহে৷ জনতাৰ লগত আমাৰ সম্পৰ্ক ছেদেই হৈ গৈছে৷ মই ছিনিয়ৰ অফিচাৰসকলক কৈছোঁ- আমি ইয়াত ৰাইজক সেৱা কৰিবলৈ আছোঁ৷ মুখ্য সচিবৰ পৰা কনিষ্ঠ সহায়কসকলেও এই কথা মনত ৰাখক৷'' মুখ্যমন্ত্ৰী শৰ্মাই লগতে মিছন বসুন্ধৰাৰ জৰিয়তে মানুহে কাম কৰাৰ সুবিধা পোৱাৰ বিষয়ে উল্লেখ কৰে। তেওঁ গাড়ীচালনাৰ অনলাইন লাৰ্নাৰ লাইচেন্স প্ৰদানৰ সেৱা আৰম্ভ কৰাৰ বিষয়েও উল্লেখ কৰে।


    মুখ্যমন্ত্ৰীগৰাকীয়ে (Chief Minister Himanta Biswa Sarma)q23 কয়- ''২৫ জানুৱাৰীত জনতা ভৱনৰ ISA-ACSসকলৰ সৈতে বহিম৷ ২৭ জানুৱাৰীত বাকী কৰ্মচাৰীসকলৰ সৈতে বহিম এই মিছন সদভাৱনাক লৈ। এদিনতে দুহাজাৰ ফাইল নিষ্পত্তি কৰিব পাৰোঁ৷ মুখ্য সচিবে পাঁচটা বিভাগৰ, সকলো অতিৰিক্ত মুখ্য সচিবসকলে চাৰি পাঁচটাকৈ বিভাগৰ ফাইল এদিনতে নিষ্পত্তি কৰিব পাৰে৷ মোক এক লাখ ফাইল দিলেও নিষ্পত্তি কৰি দিবলৈ সাজু অকলে৷ কোনোবাই নিষ্পত্তি কৰিব নোৱাৰিলে কেবিনেটত দিয়ক৷ আমি কেবিনেটত নিষ্পত্তি কৰি দিম৷ নিষ্পত্তিৰ উপায় ক'ৰবাত নহয় ক'ৰবাত ওলাবই৷''


    তেওঁ লগতে জনতা ভৱনৰ পৰিষ্কাৰ পৰিচ্ছনতাক লৈ কয় এইদৰে- "সেই দিনা জনতা ভৱনৰ লিফটৰে উঠি যাওঁতে পিছুৱাই গৈ চালোঁ- লিফটটোৰ পিছফালটো কিমান যে লেতেৰা৷ মুখ্যমন্ত্ৰী লিফটৰে যায় বুলি লিফট পৰিষ্কাৰ কৰাজনে সন্মুখৰখিনি চাফা কৰে ঠিকেই৷ বাকীখিনি পৰিষ্কাৰ নকৰে৷ মই ভাবো সকলো বিষয়াৰ কাৰ্যালয়ত তেনেই পৰিৱেশ আছে৷''


    মুখ্যমন্ত্ৰীয়ে জনতা ভৱনৰ পৰিৱেশ সুস্থ কৰি ৰখাৰ বাবে মহিলা কৰ্মচাৰীয়ে ফুলৰ টাব ৰাখিব পাৰে বুলি উল্লেখ কৰি পুৰুষ কৰ্মচাৰীসকলকো দায়িত্ব লোৱাৰ বাবে কয়। তেওঁ e-office ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি কয়- ''১১ মে'ৰ পৰা আমি e-officeত যাম৷ ২০২৩ৰ ১১ মে'ৰ ভিতৰত সম্পূৰ্ণ e-office হ'ব৷ সকলো বিষয়াই e-office ব্যৱস্থাৰ একোজন মেনটৰ হওক৷ আপোনালোকে নাভাবিব এইবোৰ কি কাম দিছে, কি হ'ব এইবোৰ কৰি৷ এয়া হ'ব সুস্থ ব্যৱস্থা৷''

    Published by:Gautam Barman
    First published: