জাতি-মাটি-ভেটিৰ ৰক্ষাৰ ক্ষেত্ৰত কিমান দূৰ সফল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ? নাগৰিকত্ব সংশোধনী আইনৰ পৰা বিদেশী বহিষ্কাৰ, ভূমি নীতি লৈকে বিভিন্ন বিষয়ত সৰ্বানন্দ সোণোৱালৰ ‘জাতি-মাটি-ভেটি’ ৰক্ষাৰ শ্লোগানকলৈ বিভিন্ন প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিশেষ সংবাদমেল। সংবাদমেলত জাতি-মাটি-ভেটি ৰক্ষাৰ ক্ষেত্ৰত সোণোৱাল চৰকাৰে লোৱা প্ৰতিটো পদক্ষেপৰ বিষয়ে উল্লেখ কৰিলে পাটোৱাৰীয়ে।
কি ক’লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে?
- আজি কিছুদিন ধৰি একাংশ সংবাদ মাধ্যমত একাংশ দল-সংগঠনে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে জাতি-মাটি-ভেটিৰ ৰক্ষাৰ ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ মই এই চৰকাৰৰ দায়িত্বশীল মন্ত্ৰী হিচাপে কও যে, আমাৰ চৰকাৰ জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে ৷ মই আগতে দুবাৰ মন্ত্ৰী আছিলো ৷ ১৯৮৫ৰ পৰা লাভ কৰা অভিজ্ঞতাৰে কৈছে, মই পোৱা মুখ্যমন্ত্ৰীৰ ভিতৰত সৰ্বানন্দ সোণোৱাল শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ৷
- মুখ্যমন্ত্ৰীয়ে এতিয়া নিজে অসম চুক্তি নিজৰ লগত ৰাখি কাম আগবঢ়াই নিছে ৷ মই অসম আন্দোলন কৰা নেতা হিচাপে মুখ্যমন্ত্ৰীক ধন্যবাদ দিছো ৷
- দেশ স্বাধীন হোৱাৰ পিছত আজিলৈকে অসমৰ ভূমিৰ জৰীপ কৰা হোৱা নাছিল ৷ আমাৰ মুখ্যমন্ত্ৰীয়ে ভূমি জৰীপৰ কাম আৰম্ভ কৰিছে ৷
- সত্ৰৰ মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিছে ৷
- কাজিৰঙাৰ মাটি বেদখল মুক্ত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে ৷
- দিহিং পিটকাইক বিশ্বৰ এটা উল্লেখযোগ্য পৰ্যটনস্থলী কৰাৰ বাবে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছে ৷
- বাংলাদেশ সীমান্ত ছীল কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে কাৰ্যকৰী ব্যৱস্থা কৰিছে ৷ ৪.৩৫ কিলোমিটাৰ লেণ্ড সীমান্তহে ছীল কৰিবলৈ বাকী আছে কৰিমগঞ্জত ৷ টেকনিকেল কিছু কথাৰ বাবে ৰৈ আছে ৷ ন’ মেনছ লেণ্ডত চোকা নজৰ ৰখা হৈছে ৷ ১৪.১২ কিলোমিটাৰ নদী সীমান্ত আছে ৷ এই অঞ্চলতো পেট্ৰলিংৰ ব্যৱস্থা কৰা হৈছে ৷
- অসমৰ ইতিহাসত BSFৰ লগতে সীমা সুৰক্ষাৰ বাবে ছেকেণ্ড লাইন ডিফেন্সত মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক নিয়োগ কৰিছে ৷
- অসমীয়া ভাষা বাধ্যতামূলক কৰিছে আমাৰ চৰকাৰে ৷
- সত্ৰ, মন্দিৰ, নামঘৰ, দৰগাহ সমূহলৈ যোৱা পথসমূহ নিৰ্মাণ কৰাৰ বাবে অসম নিৰ্মাণ আঁচনিৰ পৰা টকা দিছে ৷
- সকলো সাহিত্য সভাৰ বিকাশৰ বাবে টকা দিয়াৰ ব্যৱস্থা কৰিছে আমাৰ চৰকাৰে ৷
- জাতি-মাটি-ভেটিৰ ৰক্ষাৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে কাম কৰিছে আৰু কৰি যাব। যিসকল অসম আন্দোলনত শ্বহীদ হৈছিল তেওঁলোকৰ ত্যাগক যুগমীয়া কৰাৰ বাবে শ্বহীদ ক্ষেত্ৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছে আমাৰ চৰকাৰে ৷ ই হ’ব আন্তৰাষ্ট্ৰীয় স্তৰৰ ৷
পাটোৱাৰীয়ে সংবাদমেলত লগতে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপনৰ ক্ষেত্ৰত অনা অধ্যাদেশকৈ আৰম্ভ হোৱা বিতৰ্কৰ সন্দৰ্ভত কয় যে, আমি যি অধ্যাদেশ আনিছিলো তাক লৈ একাংশই সন্দেহ প্ৰকাশ কৰিছিল ৷ থলুৱাৰ মাটি বণিয়াৰ হাতলৈ যাব বুলি সন্দেহ প্ৰকাশ কৰিছিল ৷ কিন্তু আমি কও যে কোনো থলুৱাৰ মাটি, খেতিৰ মাটি বণিয়াৰ হাতলৈ নাযায় ৷ থলুৱা উদ্যোগীৰ হাততেই থাকিব ৷ খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়াৰ হাততেই থাকিব ৷ কৃষি ভূমিত উদ্যোগ স্থাপন কৰিব দিয়া নহয় ৷
অধ্যাদেশক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিছত মুখ্যমন্ত্ৰী অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয় আৰু সেই বৈঠকত এটা প্ৰস্তাৱ লোৱা হয় ৷ প্ৰস্তাৱ মতে, MSME স্থাপন কৰাৰ ক্ষেত্ৰত মাটিৰ সকলো আইন মানি অনুমতি ল’ব লাগিব ৷ বাকীখিনি এখন অনুমতি পত্ৰতে হ’ব ৷ অধ্যাদেশখনত এতিয়াও ৰাজ্যপালে স্বাক্ষৰ কৰা নাই ৷
- First Published :