
Source-Google
৩১ আগষ্টত প্ৰকাশ পাব চুড়ান্ত NRC
বিপুল বৰ্মন: NRC সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিৰ্বাৰে পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া চুড়ান্ত NRC প্ৰকাশ কৰাৰ সময়ত ৰাজ্যবাসীয়ে সহযোগিতা কৰিব বুলি মুখ্যমন্ত্ৰীৰ বিশ্বাস। NRC ত নাম নথকা সকলৰ চিন্তাৰ কোনো কাৰণ নাই বুলি কয় মুখ্যমন্ত্ৰীয়ে। এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে নিজৰ স্থিতি স্পষ্ট কৰিছে বুলিও কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক সম্পূৰ্ণৰূপে চৰকাৰে সন্মান জনাব বুলি কয় মুখ্যমন্ত্ৰীয়ে। তথাপিও মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোনোৱালে ৰাইজৰ পৰা সহযোগিতা বিচাৰিলে। লগতে শান্তি সম্প্ৰতি বৰ্তাই ৰাখিবলৈও সকলোকে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|