GMCHত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

News18 Assam | News18-Assam
Updated:August 26, 2020, 7:42 PM IST
GMCHত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
বৰ্তমান গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। 

বৰ্তমান গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। 

  • Share this:
কোৰোণাত আক্ৰান্ত হ’ল  প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী সোণোৱালে। টেলিফোনযোগে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী সোণোৱালে তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰাৰ লগতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস দিয়ে।



উল্লেখযোগ্য যে, বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰাৰ লগতে গগৈৰ চিকিত্‍সাৰ বাবে এটা বিশেষজ্ঞ চিকিত্‍সকৰ দল সাজু কৰা হৈছে বুলি ইতিমধ্যে টুইটাৰযোগে জনাইছে।
Published by: Himangshu Bhuyan
First published: August 26, 2020, 7:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading