বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডঃ প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ

News18 Assam | News18-Assam
Updated:June 10, 2020, 11:51 AM IST
বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডঃ প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰীক ঘটনাৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ অৱগত কৰিলে মুখ্যমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীক ঘটনাৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ অৱগত কৰিলে মুখ্যমন্ত্ৰীয়ে।

  • Share this:
এতিয়াও অব্যাহত আছে বাঘজানৰ বিভীষিকা। ঘটনাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ।প্ৰধানমন্ত্ৰীক ঘটনাস্থলীৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ অৱগত কৰিলে মুখ্যমন্ত্ৰীয়ে। অগ্নিকাণ্ডৰ ঘটনাত ক্ষতিগ্ৰস্ত ৰাইজলৈ সকলোধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ।

ইফালে বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যুক সাৱটি লৈছে অইল ইণ্ডিয়া লিমিটেডৰ দুগৰাকী কৰ্মচাৰীয়ে। খাদটোত কৰ্তব্যত থকা অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ দুই কৰ্মচাৰী ক্ৰমে দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোহাঁইৰ মৃতদেহ বুধবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে NDRFবাহিনীয়ে। দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে এখন বিলত। অগ্নিকাণ্ডত প্ৰায় ছখন গাঁৱৰ দুহাজাৰৰো অধিক লোকে এৰিবলগীয়া হৈছে ঘৰ।
First published: June 10, 2020, 11:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading