মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অসম চৰকাৰৰ শিক্ষা তথা বিভিন্ন বিভাগৰ ৫৫হাজাৰ পদত নিযুক্তি শীঘ্ৰেই

অসম চৰকাৰৰ শিক্ষা তথা বিভিন্ন বিভাগৰ ৫৫হাজাৰ পদত নিযুক্তি শীঘ্ৰেই

News18 Assam | News18-Assam
Updated:December 16, 2019, 8:20 PM IST
অসম চৰকাৰৰ শিক্ষা তথা বিভিন্ন বিভাগৰ ৫৫হাজাৰ পদত নিযুক্তি শীঘ্ৰেই
ছমাহৰ ভিতৰত খালী পদ পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

ছমাহৰ ভিতৰত খালী পদ পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

  • Share this:
ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা প্ৰায় ৫৫ হাজাৰ পদত অচিৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ বাবে আজি নিৰ্দেশ দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মুখ্য মন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হৈছে। আজি জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত সোণোৱালৰ পৌৰোহিত্যত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। ৰাজ্যৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজত অনুষ্ঠিত এই বৈঠকত মুখ্য মন্ত্ৰীয়ে বিভাগসমূহক ৬ মাহৰ ভিতৰত খালী পদবোৰত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে।

বৈঠকখনত বাজেট ব্যয় তথা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়েও বিতং আলোচনা কৰা হয়। বৈঠকত উপস্থিত থকা বিত্ত বিভাগৰ প্ৰধান সচিবগৰাকীয়ে বাজেট ব্যয়, ব্যৱহাৰিক প্ৰমাণ পত্ৰ ইত্যাদি বিষয়সমূহ মুখ্য মন্ত্ৰীক অৱগত কৰে বুলি বিবৃতিটোত প্ৰকাশ।

মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব আলোক কুমাৰ, অতিৰিক্ত মুখ্য সচিবসকল, বিভিন্ন বিভাগৰ প্ৰধান সচিব, আয়ুক্ত সচিব, সচিবসকলেও বৈঠকত অংশগ্ৰহণ কৰে।
Published by: Tulika Devi
First published: December 16, 2019, 8:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি