আপুনি ভূমিহীন খিলঞ্জীয়া নেকি? যদিহে ভূমিহীন যোগাযোগ কৰক নিজৰ জিলাৰ উপায়ুক্তৰ সৈতে

News18 Assam | News18-Assam
Updated:December 27, 2019, 7:13 PM IST
আপুনি ভূমিহীন খিলঞ্জীয়া নেকি? যদিহে ভূমিহীন যোগাযোগ কৰক নিজৰ জিলাৰ উপায়ুক্তৰ সৈতে
ৰাজ্যৰ ১লাখ ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমিৰ পট্টা দিবলৈ সকলো প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ বিষয়াবৰ্গক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷

ৰাজ্যৰ ১লাখ ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমিৰ পট্টা দিবলৈ সকলো প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ বিষয়াবৰ্গক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷

  • Share this:
শীঘ্ৰেই ৰাজ্যৰ ১লাখ ভূমিহীন পৰিয়ালক মাটিৰ পট্টা দিব ৰাজ্য চৰকাৰে ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনতা ভৱনত ভিডিঅ' কনফাৰেন্সযোগে অসমৰ জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰপৰা বিভিন্ন আঁচনিৰ ৰূপায়ণ আৰু কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে অৰ্থাৎ ৩১মাৰ্চ, ২০২০চনলৈকে ৰাজ্যৰ ১ লাখ ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমিৰ পট্টা দিয়াৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে ৷

কেৱল ইমানেই নহয় অসমৰ চাহ বাগিচা অঞ্চলসমূহত নিৰ্মাণ হ'বলগীয়া ১০০ খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাবে উপযুক্ত ক্ষেত্ৰ নিৰ্বাচন কৰিবলৈ আৰু পৰ্যাপ্ত পুঁজিৰ ব্যৱহাৰ সুনিশ্চিত কৰাৰ বাবে পঞ্চায়ত পৰ্যায়ত ৰূপায়ণ হৈ থকা বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ বুজ ল'বলৈও বিষয়াবৰ্গক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সোণোৱালে ৷

লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ কাম-কাজৰ অগ্ৰগতিৰো বুজ ল'লে মুখ্যমন্ত্ৰীয়ে ৷ ভূমিহীন হিতাধিকাৰীয়েও যাতে সোনকালে ঘৰ সজাৰ বাবে ভূমি পাব পাৰে, তাৰ বাবে সহযোগিতা আগবঢ়াবলৈ বিষয়াবৰ্গক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি