মুখ্যমন্ত্ৰী সোণোৱালৰ কঠোৰ নিৰ্দেশ, শীঘ্ৰে বিভিন্ন বিভাগত খালী হৈ থকা পদত নিযুক্তি

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত বহু কেইটা বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে এখন উচ্চ স্তৰীয় বৈঠকত মিলিত হয়।
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত বহু কেইটা বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে এখন উচ্চ স্তৰীয় বৈঠকত মিলিত হয়।
- News18 Assam
- Last Updated: December 18, 2020, 1:52 PM IST
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত বহু কেইটা বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে এখন উচ্চ স্তৰীয় বৈঠকত মিলিত হয়। চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহ বিষয়ে বুজ লৈ পদসমূহ শীঘ্ৰে পূৰণ কৰাৰ বাবে এক শক্তিশালী অভিযান হাতত ল’বলৈ মুখ্য সচিবৰ লগতে সংশ্লীষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘খালী হৈ থকা পদত নিযুক্তিৰ এই সিদ্ধান্তই ৰাজ্যৰ চাকৰি প্ৰাৰ্থীসকলক স্বচ্ছ আৰু নিকা পদ্ধতিৰে উপযুক্ত সংস্থাপনৰ সুযোগ প্ৰদান কৰিব।’ লগতে সভাত ৰাজ্যৰ প্ৰতিখন জিলাত থকা আৱৰ্ত ভৱনসমূহকো আন্তঃগাঁথনি আৰু প্ৰয়োজনীয় কৰ্মশক্তিৰে নতুনকৈ সজাই তোলা হ’ব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।