কেতিয়া আৰম্ভ হ’ব মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম? ক’লে মুখ্যমন্ত্ৰীয়ে

News18 Assam | News18-Assam
Updated:July 31, 2020, 8:04 AM IST
কেতিয়া আৰম্ভ হ’ব মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম? ক’লে মুখ্যমন্ত্ৰীয়ে
বৃহস্পতিবাৰে নৱনিৰ্মিত মাজুলী-গড়মূৰ থানা উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

বৃহস্পতিবাৰে নৱনিৰ্মিত মাজুলী-গড়মূৰ থানা উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

  • Share this:
ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত আঠ মাহ। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া নিজ নিজ সমষ্টিত বহু কেইটা উন্নয়নমূলক কাম-কাজৰ আধাৰশিলা বা শুভ উদ্বোধনত ব্যস্ত ৰাজ্যৰ অধিকাংশ মন্ত্ৰী-বিধায়ক।  দুদিনৰ ভ্ৰমণসূচীৰে নিজ সমষ্টি মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দ্বিতীয় দিনা পুৱা নৱনিৰ্মিত মাজুলী-গড়মূৰ থানা উদ্বোধন কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে মাজুলীক ভগৱানৰ নিজৰ নদীদ্বীপ বুলি উল্লেখ কৰি জিলাখনৰ প্ৰতি সকলোৰে দায়িত্ব আছে বুলি উল্লেখ কৰে।

ইফালে ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ সময়ত মাজুলী-যোৰহাট সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰাৰ পিছতো চাৰি বছৰে দলং খন নিৰ্মাণৰ কাম হাতত নোলোৱাৰ প্ৰসংগত সাংবাদিকে মুখ্যমন্ত্ৰীক সোধা প্ৰশ্নৰ উত্তৰত কয় যে, ‘সঠিক দিশত আগবাঢ়িছে প্ৰাৰম্ভিক কাম-কাজ। দলংখন নিৰ্মাণ হ’ব। ডিপিআৰ প্ৰস্তুত কৰিবলৈ ইতিমধ্যে অনুৰোধ জনোৱা হৈছে। আনহাতে এই সন্দৰ্ভত এখন উচ্চস্তৰীয় বৈঠকতো মিলিত হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে। অক্টোবৰৰ ভিতৰত দলং নিৰ্মাণৰ বাবে ডিপিআৰৰ কাম সমাপ্ত হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
Published by: Himangshu Bhuyan
First published: July 31, 2020, 8:01 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি