বাঘজান অগ্নিকাণ্ডৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

News18 Assam | News18-Assam
Updated:June 11, 2020, 12:34 PM IST
বাঘজান অগ্নিকাণ্ডৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

  • Share this:
মঙলবাৰে বাঘজানৰ তেল খাদত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ অৱশেষত তদন্ত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিঙক তদন্তৰ দায়িত্ব অৰ্পণ মুখ্যমন্ত্ৰীৰ। লগতে ১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফোন যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঘটনাৰ সবিশেষ জনাইছিল। প্ৰধানমন্ত্ৰীয়েও ৰাজ্য চৰকাৰক সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছিল।

ইফালে ভয়ংকৰ অগ্নিকাণ্ডৰ বিভীষিকা এতিয়াও আঁতৰা নাই। অগ্নিকাণ্ডৰ ঘটনাত অইলৰ দুগৰাকী কৰ্মচাৰীয়েও প্ৰাণ হেৰুৱাবলগীয়া হ’ল।
First published: June 11, 2020, 12:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading