প্ৰায় ২৫০ বিঘা ভূমিত ১০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব বিশ্ববিদ্যালয়খন।
প্ৰায় ২৫০ বিঘা ভূমিত ১০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব বিশ্ববিদ্যালয়খন।
মঙলদৈত স্থাপন হ'ব পূৱ ভাৰতৰ প্ৰথমখন দক্ষতা বিকাশ বিশ্ববিদ্যালয়। সোমবাৰে নিৰ্মাণ হ'বলগীয়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মঙলদৈ চহৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত থকা গেৰিমাৰী ভৈৰৱনগৰত প্ৰায় ২৫০ বিঘা ভূমিত ১০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব বিশ্ববিদ্যালয়খন।
বিশ্ববিদ্যালয়খন নিৰ্মাণত এচিয়ান ডেভেলপমেণ্ট বেংকে ৮০ শতাংশ ধন ব্যয় কৰিব। ইয়াৰ বিপৰীতে অসম চৰকাৰে ব্যয় কৰিব ২০ শতাংশ ধন। অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ত থাকিব ১২ খন বিদ্যালয়ৰ ১২ টা বিভাগ।
১২ খন বিদ্যালয় ক্ৰমে, অভিযান্ত্ৰিক, পৰিচালনা আৰু উদ্যোক্তা, কৃষি আৰু বনানীকৰণ, ডিজিটেল টেকনলজি, হস্তশিল্প, সংবাদ মাধ্যম, মনোৰঞ্জন আৰু যোগাযোগ, সৰবৰাহ আৰু পৰিবহণ, পৰ্যটন, অভ্যৰ্থনা আৰু সুস্থতা, খুচুৰা, স্বাস্থ্যসেৱা আৰু ফাৰ্মাচী আৰু দূৰশিক্ষা আৰু আজীৱন শিক্ষা।
ছিংগাপুৰৰ দুটি প্ৰতিষ্ঠানৰ তত্বাৱধানত আৰম্ভ হ'ব বিশ্ববিদ্যালয়খন, যত ১০ হাজাৰ শিক্ষাৰ্থীয়ে একেলগে শিক্ষা লাভ কৰিব পাৰিব। এই শিক্ষা বৰ্ষৰ পৰাই আৰম্ভ হ'ব পাঠদান। ২০২৬ চনৰ ছেপ্তেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্য।
মুখ্যমন্ত্ৰীৰ লগতে আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে পৰিবহণ আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়া ,মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস আৰু ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|