জুবিন গাৰ্গকলৈ ৰাজ্যত সৃষ্টি হৈছে এক নতুন বিতৰ্ক। কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হ’বলৈ জুবিন গাৰ্গে সন্মতি জনোৱাৰ পিছতে আৰম্ভ হৈছে এই বিতৰ্ক।
জুবিন গাৰ্গকলৈ ৰাজ্যত সৃষ্টি হৈছে এক নতুন বিতৰ্ক। কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হ’বলৈ জুবিন গাৰ্গে সন্মতি জনোৱাৰ পিছতে আৰম্ভ হৈছে এই বিতৰ্ক।
জুবিন গাৰ্গকলৈ ৰাজ্যত সৃষ্টি হৈছে এক নতুন বিতৰ্ক। কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হ’বলৈ জুবিন গাৰ্গে সন্মতি জনোৱাৰ পিছতে আৰম্ভ হৈছে এই বিতৰ্ক। জুবিন গাৰ্গৰ এই সিদ্ধান্তৰ পিছতে একাংশই সমৰ্থন কৰাৰ বিপৰীতে একাংশই চোকা সমালোচনা কৰিছিল। কিন্তু এই সন্দৰ্ভত এতিয়া মুখ খুলিছে কৃষি মন্ত্ৰী অতুল বৰাই। অতুল বৰাই কয় যে, ‘জুবিন গাৰ্গক লৈ বিতৰ্ক নকৰিব। ৰাজনীতি নকৰিব জুবিন গাৰ্গকলৈ। ২০১৮ চনৰ পৰাই জুবিন গাৰ্গ কৃষি কৰ্মৰ লগত জড়িত। জুবিন আগুৱাই আহিলে, আগুৱাঢ়ি আহিব নৱ প্ৰজন্ম। জুবিন কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হ’ব। ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিছে এই ক্ষেত্ৰত সন্মতি।’
অতুল বৰাই লগতে কয় যে, ‘জুবিন গাৰ্গে লোৱা এই মহত্ প্ৰচেষ্টাই কৃষি খণ্ডক আগুৱাই লৈ যাব। কৃষি খণ্ডৰ উন্নতি হ’লেহে ৰাজ্যৰ অৰ্থনীতি সবল হ’ব। কৃষি কৰ্মত জড়িত হৈ পৰিব ৰাজ্যৰ শিক্ষিত নিৱনুৱা। কেৱল চৰকাৰী চাকৰিৰ আশাত বঢ়ি থাকিলে নহ’ব। কোনো চৰকাৰে ইমান খিনি নিৱনুৱাক চাকৰি দিব নোৱাৰে।’
উল্লেখযোগ্য যে, ‘পথাৰ আৰু বজাৰ দখল’ৰ লক্ষ্যৰে এতিয়া ওলাই আহিছে জুবিন গাৰ্গ। কিদৰে জুবিন গাৰ্গৰ লগতে দলটো এই ক্ষেত্ৰত আগবাঢ়ি যাব সেইলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাত্ কৰাৰ পিছত শনিবাৰে কৃষিমন্ত্ৰী অতুল বৰাক সাক্ষাত্ কৰিছিল পত্নী সহ জুবিন গাৰ্গে। কিন্তু এনেদৰে মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীক সাক্ষাত্ কৰাত একাংশই এতিয়া ছচিয়েল মিডিয়াত আক্ৰমণৰ লক্ষ্য কৰি লৈছে জুবিন গাৰ্গক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|