உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘আমি অকৃতজ্ঞ নহয়, অসমৰ বুকুত বিদেশীৰ দপদপনি চলিবলৈ দিয়া নহ’ব, CAA এ কোনো প্ৰভাৱ নেপেলায়’

    ‘আমি অকৃতজ্ঞ নহয়, অসমৰ বুকুত বিদেশীৰ দপদপনি চলিবলৈ দিয়া নহ’ব, CAA এ কোনো প্ৰভাৱ নেপেলায়’

    মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালঃফাইল ফটো

    মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালঃফাইল ফটো

    ‘বৰাক–ব্ৰহ্মপুত্ৰক একাকাৰ কৰি সমন্বয়ৰ বাৰ্তা বিলোৱাই আমাৰ প্ৰধান লক্ষ্য’

    • Share this:
    ৰাজ্যত অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধ তীব্ৰ প্ৰতিবাদক প্ৰত্যাহ্বান জনাই বিজেপিয়ে খানাপাৰাত অনুষ্ঠিত কৰিলে বিশাল বুথ সন্মিলন। সন্মিলনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী বিধায়ক। জনসভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখত শুনা গ’ল আকৌ এবাৰ আবেগিক ভাষণ।

    সভাত মুখ্যমন্ত্ৰীৰ কিছু মন্তব্য

    নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যত অপপ্ৰচাৰ চলোৱা হৈছে। অসমৰ ৬৮ লক্ষ্য ভুমিপুত্ৰৰ চোতালত কোনো ধৰণৰ বিদেশী সংস্থাপন কৰিবলৈ দিয়া নহ’ব। নাগৰিকত্ব সংশোধনী আইনে কোনো প্ৰভাৱ নেপেলায়।

    আমি তিনি বছৰীয়া কাৰ্যকালত কি ভুল কৰিলো? ৰাইজে বহু বিশ্বাসত এইখন চৰকাৰ পাতিছে। আমি অকৃতজ্ঞ নহয়। এইখন চৰকাৰে অসমীয়া খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ বিঘ্নিত হোৱাকৈ কোনো কামেই নকৰে।

    আমাৰ চৰকাৰে জনগোষ্ঠীক লগত লৈ সহোদৰ অনুষ্ঠিত কৰিলো। জাতি জনগোষ্ঠীৰ স্বাভীমান সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছো।

    ভাষা গৌৰৱ আচঁনিৰ জৰিয়তে আমি সৰু বৰ জাতি জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতি চহকী কৰিবলৈ চেষ্টা কৰিছো।

    মাৰ্চৰ ভিতৰত ১ লাখ খিলঞ্জীয়াক মাটিৰ পত্তা দিয়া হ’ব। যাতে নিজৰ মাটিৰ ওপৰত নিজৰ অধিকাৰ চিৰ দিনৰ বাবে অটুট থাকে।

    অসমত এতিয়া ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে। আমাক ক্ষমতাৰ পৰা আঁতৰাবলৈ কৰিছে চক্ৰান্ত। সেইসকলেই অসমৰ প্ৰধান শত্ৰু।

    বৰাক–ব্ৰহ্মপুত্ৰক একাকাৰ কৰি সমন্বয়ৰ বাৰ্তা বিলোৱাই আমাৰ প্ৰধান লক্ষ্য।

    শুনক ভাষণ

    Published by:Himangshu Bhuyan
    First published: