உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কাজিৰঙাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নিজ হাতেৰে গাখীৰ খুৱালে গঁড় পোৱালিক

    কাজিৰঙাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নিজ হাতেৰে গাখীৰ খুৱালে গঁড় পোৱালিক

    মুখ্যমন্ত্ৰীক সংগ দিয়ে কেবিনেট মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই৷

    মুখ্যমন্ত্ৰীক সংগ দিয়ে কেবিনেট মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই৷

    মুখ্যমন্ত্ৰীক সংগ দিয়ে কেবিনেট মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই৷

    • Share this:
    মুখ্যমন্ত্ৰীয়ে আজি পৰিদৰ্শন কৰিলে কাজিৰঙাৰ পাণবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ, প্ৰতিপালন আৰু পুনৰ সংস্থাপন কেন্দ্ৰ৷ কেন্দ্ৰটোত পূৰ্বৰে পৰা প্ৰতিপালিত হৈ থকা গঁড় পোৱালিক গাখীৰ খুৱালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ বুধবাৰে বাঘমাৰীৰ এঘৰ লোকৰ ঘৰৰ ভিতৰত ট্ৰেংকুলাইজ কৰি উদ্ধাৰ কৰা ঢেকীয়াপতীয়া বাঘজনীও প্ৰত্যক্ষ কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীক সংগ দিয়ে কেবিনেট মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই৷ চলিত বানত দিশহাৰা হোৱা অৰ্ধ শতাধিক বন্যপ্ৰাণী কেন্দ্ৰটোত প্ৰতিপালিত হৈ আছে৷ মঙলবাৰে উদ্ধাৰ কৰা গঁড় পোৱালিটো আৰু বুধবাৰে উদ্ধাৰ কৰা বাঘটোৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জনালে কেন্দ্ৰৰ পৰিচালক ডাঃ ৰথীন বৰ্মনে৷
    Published by:Sanjay Kumar Das
    First published: