• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘পুত্ৰ হিচাপে মই তৰুণ গগৈৰ খবৰ ল’বলৈ আহিছো, বহু উন্নয়নমূলক কাম আমি একেলগে কৰিবলৈ বাকী আছে’

‘পুত্ৰ হিচাপে মই তৰুণ গগৈৰ খবৰ ল’বলৈ আহিছো, বহু উন্নয়নমূলক কাম আমি একেলগে কৰিবলৈ বাকী আছে’

শাৰীৰিক অসুস্থতাৰ বাবে এতিয়া গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত চিকিত্‍সাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

  • Share this:
শাৰীৰিক অসুস্থতাৰ বাবে এতিয়া গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত চিকিত্‍সাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বৰ্তমান আগতকৈ তৰুণ গগৈৰ স্বাস্থ্য কিছু উন্নত হৈছে বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ স্বাস্থ্যৰ বুজ ল’বলৈ গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত উপস্থিত হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

পিছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, ‘ পুত্ৰ হিচাপে মই তৰুণ গগৈৰ খবৰ ল’বলৈ আহিছো। ভগৱানৰ ওচৰত তেখেতৰ আশু আৰোগ্যৰ কামনা কৰিছো। আমি একেলগে বহু উন্নয়নৰ কাম কৰিবলৈ বাকী আছে। ফৰকাল মনেৰে তেখেতেও কথা পাতিলে মোৰ লগত। অৱশ্যে আজি আমি কোনো ৰাজনৈতিক কথা বতৰা পতা নাই।’

আনকি আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ চিকিত্‍সা ব্যৱস্থাকলৈ সন্তুষ্টি প্ৰকাশ কৰা বুলিও জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
Published by:Himangshu Bhuyan
First published: